• Home
  • »
  • News
  • »
  • assam
  • »
  • ছাৰ অফিচলৈ নাহে, ধুবুৰীৰ DTO কাৰ্যালয়ত ডুপ্লিকেট MVI–এ চলাইছে কাম

ছাৰ অফিচলৈ নাহে, ধুবুৰীৰ DTO কাৰ্যালয়ত ডুপ্লিকেট MVI–এ চলাইছে কাম

ধুবুৰীৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত অৰাজকতা। এম ভি আয়ে তেওঁৰ হৈ কাম কৰিবলৈ নিয়োগ কৰিছে হোজাইৰ এজন বিশেষ লোকক।

ধুবুৰীৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত অৰাজকতা। এম ভি আয়ে তেওঁৰ হৈ কাম কৰিবলৈ নিয়োগ কৰিছে হোজাইৰ এজন বিশেষ লোকক।

ধুবুৰীৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত অৰাজকতা। এম ভি আয়ে তেওঁৰ হৈ কাম কৰিবলৈ নিয়োগ কৰিছে হোজাইৰ এজন বিশেষ লোকক।

  • Share this:
চৰকাৰী কৰ্মচাৰী নহয়, ধুবুৰীত ডুপ্লিকেট এম ভি আই। MVI ছাৰৰ ঘৰৰ পৰা অফিচ দূৰ হয়, সেয়ে তেওঁৰ কামখিনি কৰিবলৈ ঠিকাত লগাইছে ডুপ্লিকেট এম ভি আইক। এই কথা আমাৰ নহয়, স্বীকাৰ কৰিলে খোদ এম ভি আইৰ হৈ কাম কৰা লোকজনে।

ধুবুৰীৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত অৰাজকতা। এম ভি আয়ে তেওঁৰ হৈ কাম কৰিবলৈ নিয়োগ কৰিছে হোজাইৰ এজন বিশেষ লোকক। লোকজনৰ নাম ব্ৰজেশ ৰায় বিশ্বাস। ৰাইজৰ অভিযোগ, বঙাইগাঁৱৰ পৰা সপ্তাহত দুদিন আহিবলগীয়া এমভিআই অচিন্ত কুমাৰ সেনে কাৰ্যালয়লৈ নাহি উক্ত লোকজনৰ হতুৱাই কৰে সকলো কাম।

কেৱল কামেই নহয়, ৰাইজৰ মতে কামৰ বিনিময়ত এমভিআইৰ ভাগৰ ধন সংগ্ৰহ কৰে এইজন লোকে। ইয়াকে লৈ মঙলবাৰে ধুবুৰী ডিটিঅ’ কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। সামান্য কামৰ বাবে দীৰ্ঘদিনৰ পৰা  হাৰাশাস্তি ভোগ কৰি অহা একাংশ ক্ষুব্ধ লোকে ঘেৰাও কৰিলে কাৰ্যালয়।

উল্লেখযোগ্য যে বিগত মাহত ডিটিঅ’ৰ অৱসৰৰ লগতে ৮ মাহ পূৰ্বে বদলি হৈছিল এম ভি আইৰ। তাৰ পিছতে বঙাইগাঁৱৰ MVI অচিন্ত কুমাৰ সেনক অস্থায়ীভাৱে দায়িত্ব দিয়া হৈছিল ধুবুৰীত। সপ্তাহত দুটা দিনৰ বাবে ধুবুৰীলৈ যাব লাগে যদিও সেয়া নকৰি ঠিকাত আন লোকক নিয়োগ কৰিছে বিষয়াগৰাকীয়ে।

বৰ্তমান সামান্য কাম এটাৰ বাবেই ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হ’ব লগীয়া হৈছে কাৰ্যালয়টোত। ক্ষুব্ধ একাংশ লোকে অতিষ্ঠ হৈ আজি ঘেৰাও কৰে কাৰ্যালয়। আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ হয় যদিও কাৰ্যালয়টোত এজন স্থায়ী ডিটিঅ’ আৰু এইভিআই নিয়োগৰ দাবী জনায় ৰাইজে।
Published by:Sanjay Kumar Das
First published: