• Home
  • »
  • News
  • »
  • assam
  • »
  • Duplicate Medicine : ঔষধৰ নামত বৰবিহ খাইছে নেকি আপুনি, নগাঁও আৰক্ষীৰ জালত ভেজাল ঔষধ চক্ৰ

Duplicate Medicine : ঔষধৰ নামত বৰবিহ খাইছে নেকি আপুনি, নগাঁও আৰক্ষীৰ জালত ভেজাল ঔষধ চক্ৰ

ৰাজ্যত এইবাৰ চলিছে ভেজাল ঔষধৰ বৃহৎ চিণ্ডিকেট

ৰাজ্যত এইবাৰ চলিছে ভেজাল ঔষধৰ বৃহৎ চিণ্ডিকেট

ৰাজ্যত এইবাৰ চলিছে ভেজাল ঔষধৰ বৃহৎ চিণ্ডিকেট

  • Share this:
ৰাজ্যৰ চৌদিশে এতিয়া বিক্ৰী হৈছে ভেজাল ঔষধ। জীৱন দায়িনী ঔষধৰ নামত বৰ্তমান দুষ্টচক্ৰই চলাইছে ভেজাল ঔষধৰ বেহা। নগাঁও আৰক্ষীৰ অভিযানত  স্পষ্ট হৈছে এই তথ্য।

আজি নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ভেজাল ঔষধ বিক্ৰী কৰিবলৈ অহা নগাঁৱৰ শিমলুগুৰিৰ নুৰজামাল আলী নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। নুৰজামালে কম দামত Udiliv 300tab, Taxim -O 200tab, Gemcal cap আদি ঔষধৰ নকল কৰি কম দামতে বিভিন্ন ঔষধ প্ৰতিষ্ঠানত বিক্ৰী কৰি আহিছিল। বিভিন্ন ঔষধ বিক্ৰী প্ৰতিষ্ঠানেও কমিচনৰ আশাত কম দৰতে এই সমূহ ঔষধ ক্ৰয় কৰি ৰোগীক বিক্ৰী কৰি আহিছিল।

কিন্তু নগাঁৱৰ কঢ়ালীগাঁৱৰ বাবলু মেডিকেলৰ স্বত্বাধিকাৰী প্ৰমোদ হাজৰিকাই এই বিষয়টো সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগত যোগাযোগ কৰে। ইয়াৰ পিছতে আজি নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) ত্ৰিদিৱ কুমবাঙে অসামৰিক পোছাকত বাবলু মেডিকেলৰ সন্মুখত নুৰজামালৰ বাবে খাপ পিটি থাকে। ইয়াৰ পিছতে দিনৰ প্ৰায় ১২ বজাত নুৰজামালে বাবলু মেডিকেলত ঔষধ বিক্ৰী কৰিবলৈ আহোতেই হাতে-লোটে গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীৰ দলটোৱে।

বৰ্তমান বিষয়টো সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নগাঁও আৰক্ষীৰ মতে, এয়া ভেজাল ঔষধৰ পৰিৱৰ্তে কৰফাঁকি কৰি কোনো ঔষধ বিক্ৰী প্ৰতিষ্ঠানৰ পৰা অনা ঔষধো হ'ব পাৰে। চক্ৰটোৰ লগত জড়িত আনোৱাৰ নামৰ আন এগৰাকী ব্যক্তিৰ সন্ধানতো আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি