তেজপুৰৰ পৰা কলিয়াবৰ অভিমুখি AS-09-AC-6376 নম্বৰৰ বালিভৰ্তি ডাম্পাৰখনে ৩৭ নম্বৰ (ক) চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে ভুল দিশে অহাৰ ফলতেই বিপৰীতমুখি তেলভৰ্তি টেংকাৰখনৰে মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। তেজপুৰ অভিমুখি ডিজেলভৰ্তি ট্ৰেংকাৰ খনৰ নম্বৰ AS 09 C 7185।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে টেংকাৰখনৰ চালক। গুৰুতৰভাৱে আহত টেংকাৰ চালকজনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়।
আনহাতে, দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলিৰ পৰা পলায়ন কৰে বালিভৰ্তি ডাম্পাৰখনৰ চালকজন। সৌভাগ্যক্ৰমে ডিজেলভৰ্তি টেংকাৰখনত জুইৰ সুত্ৰপাত হোৱাৰ পৰা ৰক্ষা পৰে। ঘটনাস্থলিত অগ্নি নিৰ্বাপক বাহিনীৰ দলো সষ্টম হৈ আছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|