News18 AssamNews18 Assam
|
News18-Assam Updated:December 4, 2020, 11:08 AM IST
যান্ত্ৰিক বিজুতি ঘটি এখন ডাম্পাৰত লাগিল জুই।
যান্ত্ৰিক বিজুতি ঘটি এখন ডাম্পাৰত লাগিল জুই।
নুমলীগড়ৰ কমাৰগাঁৱত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাতে জ্বলি উঠিল চলন্ত ডাম্পাৰ। ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা কেইবাজনো লোকৰ। যান্ত্ৰিক বিজুতি ঘটি এখন ডাম্পাৰত লাগিল জুই। কমাৰগাঁও আৰক্ষী থানাৰ সন্মুখত AS 05C 3527 নম্বৰৰ ডাম্পাৰখন চলন্ত অৱস্থাতে টায়াৰৰ পৰা ধোৱা নিৰ্গত হোৱাত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। ততালিকে কমাৰগাঁও আৰক্ষীয়ে বোকাখাত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
Published by:
Sanjay Kumar Das
First published:
December 4, 2020, 11:08 AM IST