বৰডুমচাৰ ডুমডুমাৰ নগাঁৱৰ বিজেপিৰ বুথ সভাপতি দেৱানন্দ গগৈক হত্যা কৰাৰ পিছতে সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
বৰডুমচাৰ ডুমডুমাৰ নগাঁৱৰ বিজেপিৰ বুথ সভাপতি দেৱানন্দ গগৈক হত্যা কৰাৰ পিছতে সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
নিৰ্বাচনৰ প্ৰাক ক্ষণত ডুমডুমা বিজেপিৰ বুথ সভাপতিক ছুৰীৰে আঘাত কৰি হত্যা। শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা। বৰডুমচাৰ ডুমডুমাৰ নগাঁৱৰ বিজেপিৰ বুথ সভাপতি দেৱানন্দ গগৈক হত্যা কৰাৰ পিছতে সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহত বৰডুমচা আৰু পেঙেৰী আৰক্ষীয়ে এজনক আটক কৰিছে। আটক কৰা লোকজনৰ নাম জয়চন্দ্ৰ গগৈ বুলি জানিব পৰা গৈছে।
ইতিমধ্যে দেৱানন্দ গগৈৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে। পিছে বিজেপিৰ বুথ সভাপতিগৰাকীক কিয় হত্যা কৰা হ'ল, তাৰ কাৰণ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। ইফালে ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|