দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ গগৈৰ দেহাৱসান 

News18 Assam | News18-Assam
Updated:October 30, 2020, 9:15 PM IST
দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ গগৈৰ দেহাৱসান 
ডিব্ৰুগড় জিলা সাংবাদিক সংস্থা আৰু সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানৰ প্ৰাক্তন সভাপতি আছিল প্ৰদীপ গগৈ।

ডিব্ৰুগড় জিলা সাংবাদিক সংস্থা আৰু সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানৰ প্ৰাক্তন সভাপতি আছিল প্ৰদীপ গগৈ।

  • Share this:
দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ গগৈৰ দেহাৱসান। দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত ভুগি থকা সাংবাদিক প্ৰদীপ গগৈয়ে শুকুৰবাৰে বিয়লি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত শেষনিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে প্ৰথমে NE TV, DY365 আৰু পিছলৈ প্ৰাইম নিউজ নামৰ চেনেলটোত সাংবাদিক হিচাপে কৰ্মৰত আছিল দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিকগৰাকী।

আনকি নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰি ঘন জংঘলৈ গৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সাক্ষাৎকাৰো গ্ৰহণ কৰিছিল প্ৰদীপ গগৈয়ে। ডিব্ৰুগড় জিলা সাংবাদিক সংস্থা আৰু সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানৰ প্ৰাক্তন সভাপতি আছিল প্ৰদীপ গগৈ।মৃত্যুৰ সময়ত পিতৃ, পত্নী আৰু পুত্ৰ–কন্যাক এৰি থৈ যায় সাংবাদিকগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: October 30, 2020, 9:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি