• Home
  • »
  • News
  • »
  • assam
  • »
  • কোৰোণাত আক্ৰান্ত হল দুলীয়াজানৰ বিধায়ক তেৰশ গোৱালা, খাইছিল বিয়া, কৰিছিল আধাৰশিলা স্থাপন

কোৰোণাত আক্ৰান্ত হল দুলীয়াজানৰ বিধায়ক তেৰশ গোৱালা, খাইছিল বিয়া, কৰিছিল আধাৰশিলা স্থাপন

বিধায়ক গোৱলা কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে দুলীয়াজানত আতংক।

বিধায়ক গোৱলা কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে দুলীয়াজানত আতংক।

বিধায়ক গোৱলা কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে দুলীয়াজানত আতংক।

  • Share this:
দুলীয়াজানৰ বিধায়ক তেৰশ গোৱালা ক’ভিড ১৯ত আক্ৰান্ত। উল্লেখযোগ্য যে, বিধায়ক গৰাকীয়ে দেওবাৰৰ বিয়লিলৈকে দুলীয়াজানৰ নাওঁশলীয়া পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপনৰ কাম কৰিছিল। যাৰ বাবে তেওঁৰ সংস্পৰ্শলৈ আহিছিল দলীয় কৰ্মীৰ লগতে স্থানীয় লোক সকল।

আনকি দেওবাৰে নিশা টেঙাখাতত এখন তুলনি বিয়াতো উপস্থিত আছিল বিধায়কগৰাকী। বিধায়ক গৰাকীয়ে জ্বৰ আৰু কাহত আক্ৰান্ত হোৱাত দুলীয়াজান মধ্য জালনী বিদ্যালয়ত ৰেপিড টেষ্ট কৰোতেই ধৰা পৰে দেহত কোৰোণাৰ অৱস্থিতি। বিধায়কগৰাকী আক্ৰান্ত হোৱাৰ পিছতেই স্বাস্থ্যকৰ্মী সকলে পৰিয়ালৰ লোক সকলৰ স্বাৱ সংগ্ৰহ কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি