মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon : উত্তৰ-পূৰ্বাঞ্চল হৈছে কৰ্কট ৰোগীৰ ৰাজধানী, খাদ্যভ্যাসৰ বাবেই ভাৰতত কৰ্কট ৰোগী বৃদ্ধি পাইছে

Nagaon : উত্তৰ-পূৰ্বাঞ্চল হৈছে কৰ্কট ৰোগীৰ ৰাজধানী, খাদ্যভ্যাসৰ বাবেই ভাৰতত কৰ্কট ৰোগী বৃদ্ধি পাইছে

নগাঁও মহাবিদ্যালয়ত দুলাল চন্দ্ৰ গোস্বামী স্মাৰক বঁটা প্ৰদান অনুষ্ঠান

নগাঁও মহাবিদ্যালয়ত দুলাল চন্দ্ৰ গোস্বামী স্মাৰক বঁটা প্ৰদান অনুষ্ঠান

নগাঁও মহাবিদ্যালয়ত দুলাল চন্দ্ৰ গোস্বামী স্মাৰক বঁটা প্ৰদান অনুষ্ঠান

  • Share this:

দুলাল চন্দ্ৰ গোস্বামী ন্যাস আৰু নগাঁও কলেজ (অট'নমাচ)ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ উদ্যোগত ‘দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা প্ৰদান’ অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড০  ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা আৰু কলেজখনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ডাঃ বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা বিশিষ্ট কৰ্কট ৰোগ চিকিৎসক ডাঃ অমল চন্দ্ৰ কটকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।


ডাঃ কটকীয়ে ২০২২ বৰ্ষৰ ‘দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা’ নগাঁও কলেজ (অট’নমাচ)ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক লক্ষ্যজ্যোতি বৰঠাকুৰ আৰু অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ টিকেন দাসক প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডাঃ অমল চন্দ্ৰ কটকীয়ে জীৱন শৈলী আৰু খাদ্যাভাসৰ বাবে পশ্চিমীয়া দেশ আৰু ভাৰতবৰ্ষৰ কৰ্কট ৰোগৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰি  লগতে কয় যে  ধঁপাতজাতীয় দ্ৰব্য সেৱনৰ ফলত সৰ্বভাৰতীয় সমীক্ষাত ২৮ শতাংশৰ পৰিৱৰ্তে উত্তৰ-পূৰ্বাঞ্চলত ৪৫.৭ শতাংশ কৰ্কট ৰোগ হয়।


একেদৰে মাদক দ্ৰব্য সেৱনৰ ফলত সৰ্বভাৰতীয় ১২ শতাংশৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলত ২২.৩ শতাংশ জনসাধাৰণ কৰ্কট ৰোগৰ বলি হয়। ড০ কটকীয়ে  সৰ্বভাৰতীয় সমীক্ষাত স্তন কৰ্কট ৰোগীৰ সংখ্যা হায়দৰাবাদ জিলাত ৪৮ শতাংশৰ পৰিৱৰ্তে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত ছাৰ্ভিক্স ইউটেৰাই কৰ্কট ৰোগীৰ সংখ্যা ২৭.৭ শতাংশ বুলি তথ্য দাঙি ধৰি লগতে কয় যে একেদৰে গৰ্ভাশয় কৰ্কট ৰোগ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত ১৩.৭ শতাংশৰে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক।


প্ৰসংগক্ৰমে কৰ্কট ৰোগৰ বিশিষ্ট চিকিৎসক গৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চল কেঞ্চাৰ ৰোগৰ ৰাজধানী বুলিও মন্তব্য কৰে। আনহাতে প্ৰাপ্তবয়স্ক  হোৱাৰ পূৰ্বে বিবাহ, কম বয়সত গৰ্ভধাৰণ, গৰ্ভধাৰণৰ ব্যৱধান কম হোৱা, দুৰ্বল পুষ্টি, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত মহিলা, পুৰুষ-মহিলাৰ একাধিক যৌনসংগী, ধূমপান আদি একাধিক কৰ্কট ৰোগৰ আশংকিত কাৰকৰ বিষয়ে  বিশিষ্ট চিকিৎসকগৰাকীয়ে বক্তব্যত উল্লেখ কৰে।


ডাঃ কটকীয়ে  কম বয়সতে ঋতুস্ৰাৱ, অনিয়মীয়া ঋতুস্ৰাৱ, সন্তানহীনতা, পলমকৈ সন্তান প্ৰসৱ হোৱা, স্তনপান নকৰোৱা, বংশগত স্তন কৰ্কট ৰোগ, মেদবহুলতা আদি আশংকিত স্তন কৰ্কট ৰোগৰ বিষয়েও বক্তৃতাত উল্লেখ কৰে। আনহাতে দ্ৰুত পৰীক্ষা, নিজাভাৱে স্তন পৰীক্ষা, জীৱন শৈলী, খাদ্যাভাস, কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰীক্ষা আদিৰ যোগেদি কৰ্কট ৰোগ নিয়ন্ত্ৰণত সহায়ক হ’ব বুলি মন্তব্য কৰি এইক্ষেত্ৰত সামূহিক সজাগতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে উল্লেখ কৰি কয় যে  ২০২২ চনৰ সমীক্ষা অনুসৰি অসমৰ প্ৰেক্ষাপটত কেৱল ২৪ শতাংশ জনসাধাৰণে সাধাৰণ কৰ্কট ৰোগৰ পৰীক্ষাৰ প্ৰতি সজাগ।


অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অধিবক্তা আলোক গোস্বামীয়ে নগাঁও কলেজৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড০  আফজালুৰ ৰহমানৰ ‘Introduction to Development Psychology’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। বঁটা প্ৰদান অনুষ্ঠানত পাঁচ শতাধিক অধ্যাপক-অধ্যাপিকা, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানত ড০ ফৰিষ্টা য়াচমিনে শলাগৰ শৰাই আগবঢ়ায়।

শেহতীয়া বাতৰি