உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মুখত হৰি নামৰ ধ্বনি, কান্ধত মৃত হিন্দু মহিলা, সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে সত্‍কাৰ কৰিলে মুছলমান যুৱকে

    মুখত হৰি নামৰ ধ্বনি, কান্ধত মৃত হিন্দু মহিলা, সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে সত্‍কাৰ কৰিলে মুছলমান যুৱকে

    এতিয়াও জীয়াই আছে মানৱতা! ধৰ্মতকৈ মানৱতা যে সদায় ওপৰত, যেন আকৌ এবাৰ প্ৰমাণিত হ’ল সেই কথা

    এতিয়াও জীয়াই আছে মানৱতা! ধৰ্মতকৈ মানৱতা যে সদায় ওপৰত, যেন আকৌ এবাৰ প্ৰমাণিত হ’ল সেই কথা

    এতিয়াও জীয়াই আছে মানৱতা! ধৰ্মতকৈ মানৱতা যে সদায় ওপৰত, যেন আকৌ এবাৰ প্ৰমাণিত হ’ল সেই কথা

    • Share this:
    এতিয়াও জীয়াই আছে মানৱতা! ধৰ্মতকৈ মানৱতা যে সদায় ওপৰত, যেন আকৌ এবাৰ প্ৰমাণিত হ’ল সেই কথা। হাইলাকান্দিত দেখিবলৈ পোৱা গ’ল এই সম্প্ৰীতিৰ নিদৰ্শন। শুকুৰবাৰে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল হাইলাকান্দিৰ বেচিক চাৰিআলিৰ মিনা ছেত্ৰী নামৰ এগৰাকী মহিলাই। কিন্তু মৃত মহিলাগৰাকীৰ ঘৰৰ কাষত নাই এটাও হিন্দু পৰিয়াল। আনহাতে ল’ক ডাউনৰ ফলত আহিব নোৱৰিলে আঁতৰত থকা পৰিয়ালৰ লোক।



    অবশেষত প্ৰতিবেশী মুছলমান সম্প্ৰদায়ৰ যুৱক সকলে সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰিতি নীতিৰে মৃতদেহ লৈ গ’ল শ্মশানলৈ। মুছলমান যুৱককেইজনে হৰি নাম গাই, সম্পূৰ্ণ হিন্দু-ৰীতিৰ মাজেৰে সত্‍কাৰ কৰে মৃত মিনা ছেত্ৰীৰ মৃতদেহ।
    Published by:Himangshu Bhuyan
    First published: