ল’ক ডাউনৰ সময়ছোৱাত অসমত নষ্ট হয় প্ৰায় ৪০ কোটি টকাৰ পাচলি

News18 Assam | News18-Assam
Updated:May 2, 2020, 11:15 PM IST
ল’ক ডাউনৰ সময়ছোৱাত অসমত নষ্ট হয় প্ৰায় ৪০ কোটি টকাৰ পাচলি
এই মন্তব্য কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই।

এই মন্তব্য কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই।

  • Share this:
‘ল’ক ডাউনৰ সময়ছোৱাত অসমত খেতিয়কসকলে উৎপাদন কৰা প্ৰায় ১১৩ কোটি টকাৰ পাচলি  বিক্ৰী হৈছিল। অসমৰ বাহিৰলৈ প্ৰায় দুশ কোটি টকাৰ পাচলি আৰু ফলমূল বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হৈছে। আনহাতে এই সময়চোৱাত বিক্ৰীৰ অভাৱত প্ৰায় ৪০ কোটি টকাৰ পাচলি নষ্ট হৈছে । কিন্তু অসমৰ খেতিয়কসকলৰ উৎপাদন দুগুণলৈ বৃদ্ধি পাইছে ।’ এই ভাষ্য প্ৰদান কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই।

কেইদিনমান পূৰ্বে যোৰহাটৰ জিলা কৃষি বিষয়াগৰাকীয়ে জানিবলৈ দিছিল যে, ল’ক ডাউনৰ সময়ছোৱাত এমাহত যোৰহাটৰ কৃষকসকলে প্ৰায় দুশ মেট্ৰিক টন পাচলি উৎপাদন কৰিছে। ‌কিন্তু ইয়াৰ পিছতো আপুনি জানি আচৰিত হ’ব যে, যোৰহাটৰ পথাৰত লাখ লাখ টকাৰ পাচলি বিক্ৰীৰ অভাৱত নষ্ট হৈছে। যোৰহাটৰ নিমাতি অঞ্চলত এজন কৃষকৰ পথাৰত উৎপাদিত তিনিশ কুইণ্টল কেপছিকাম বিক্ৰীৰ অভাৱত নষ্ট হৈ গৈছে। লোকচান হৈছে প্ৰায় ছয় লাখ টকা।

ল’ক ডাউনৰ ফলত পথাৰতে গেলিপচি যোৱা এই কেপচিকামৰ খেতি পথাৰ পৰিদৰ্শন কৰে খোদ কৃষিমন্ত্ৰীগৰাকীয়ে। পথাৰৰ দৃশ্য দেখি তথা নিমাতি অঞ্চলৰ বিভিন্ন খেতি পথাৰ পৰিভ্ৰমণ কৰি উদ্বিগ্ন হৈ পৰে মন্ত্ৰী অতুল বৰা।

দৰাচলতে যোৰহাটত এনেদৰে কৃষকৰ উৎপাদিত সামগ্ৰী নষ্ট হোৱাৰ তথ্য কৃষি মন্ত্ৰীগৰাকীৰ হাতত নাছিল। যোৰহাটৰ কৃষি বিভাগেও প্ৰদান কৰা নাছিল কোনো তথ্য। যোৰহাটৰ কৃষকৰ এই অৱস্থা দেখি আচৰিত হৈ পৰে মন্ত্ৰীগৰাকী।
Published by: Himangshu Bhuyan
First published: May 2, 2020, 11:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি