আজি আছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক ৯৬সংখ্যক জন্মদিন। বিশ্বশিল্পীগৰাকী জন্মদিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হয়। কিন্তু এনে এটা দিনতে ড০ ভূপেন হাজৰিকাৰ নামত মুকলি কৰা এখন উদ্যানৰ খবৰে ব্যথিত কৰিব আপোনাক।
কেৱল চোৱা-চিতা আৰু ৰক্ষণাবেক্ষণৰ অভাৱতে হাবি-জংঘলে আৱৰি ধৰিছে কোকৰাঝাৰ জিলাৰ ৩নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঠাকুৰপুৰস্থিত ড° ভূপেন হাজৰিকা মুকলি মঞ্চ তথা উদ্যানখন।
উক্ত উদ্যানখন চোৱা-চিতাৰ দায়িত্বত থকা তদাৰক কমিটীখনৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই আজি বিশ্ববৰেণ্য শিল্পীগৰাকীৰ ৯৬সংখ্যক ওপজা দিনতো অৱহেলিত হৈ জংঘলৰ মাজত থাকিল ড° ভূপেন হাজৰিকা মুকলি মঞ্চখন।
উল্লেখ্য যে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন অসম চৰকাৰে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা তথা ৩নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ অধীনস্থ ঠাকুৰপুৰ গাঁৱত ২০১৪-১৫ বিত্তীয় বছৰত এমজিএনৰেগা আঁচনিৰ অধীনত ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান নিৰ্মাণৰ বাবে দহ লাখ টকা মঞ্জুৰি দিছিল।
মন কৰিবলগীয়া কথা যে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত ডিংডিংগা গাঁৱৰ কৃষ্ণ কুমাৰ ৰায় নামৰ এজন যুৱকে প্ৰতিবছৰে নিজাববীয়াকৈ ড° ভূপেন হাজৰিকাৰ ওপজা দিনটোত মঞ্চখন অলপ চাফ-চিকূণ কৰি ধূপ-বন্তি জ্বলাই আহিছে।
Published by: Gautam Barman
FIRST PUBLISHED : September 09, 2022, 04:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|