মৰ্মান্তিক! এজন গৈছিল কন্যাক থবলৈ, এজন গৈছিল ভনীয়েকৰ খবৰ ল’বলৈ, কিন্তু ভয়ংকৰ দুৰ্ঘটনাই চিৰদিনৰ বাবে আঁতৰাই লৈ গ’ল দুয়োকে

মৃত্যু কেতিয়া আহে কোনেও নাজানে!
ইফালে ভাৰ্না খনত আছিল নয়নজ্যোতি দাস নামৰ এজন লোক। নিজ ভগ্নীৰ খবৰ ল’বলৈ গুৱাহাটীৰ পৰা গোৱালপাৰা চহৰলৈ গৈ থকা অৱস্থাতে লোকজনৰ গাড়ীখনৰ সৈতে নৱকান্ত ৰাভাৰ গাড়ীখনৰ মুখামুখী সংঘৰ্ষ হয়। দুৰ্ঘটনাত নয়নজ্যোতি দাসো থিতাতে নিহত হয়।
দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈছে নম্ৰতা ৰাভা।নম্ৰতাক সংকটজনক অৱস্থাত গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে। ইফালে দুৰ্ঘটনাৰ খৱৰ পাই দুয়োটা পৰিয়ালৰ লোক দুধনৈ আৰক্ষী থানাত আহি উপস্থিত হয়। দুৰ্ঘটনাৰ ফলত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।