• Home
  • »
  • News
  • »
  • assam
  • »
  • সকলো জাতি-জনগোষ্ঠী এক হৈ থাকক; নহ’লে বিদেশীয়ে আমাক খাই পেলাবঃ গণশিল্পী সূৰ্য দাস

সকলো জাতি-জনগোষ্ঠী এক হৈ থাকক; নহ’লে বিদেশীয়ে আমাক খাই পেলাবঃ গণশিল্পী সূৰ্য দাস

সকলো জাতি-জনগোষ্ঠী এক হৈ থাকক; নহ’লে বিদেশীয়ে আমাক খাই পেলাবঃ গণশিল্পী সূৰ্য দাস ৷ দুধনৈত স্বাধীনতা দিৱসত “ৰাজেন পাম সোঁৱৰণি শিল্পী বঁটা” প্ৰদান গণশিল্পী গৰাকীক।

সকলো জাতি-জনগোষ্ঠী এক হৈ থাকক; নহ’লে বিদেশীয়ে আমাক খাই পেলাবঃ গণশিল্পী সূৰ্য দাস ৷ দুধনৈত স্বাধীনতা দিৱসত “ৰাজেন পাম সোঁৱৰণি শিল্পী বঁটা” প্ৰদান গণশিল্পী গৰাকীক।

সকলো জাতি-জনগোষ্ঠী এক হৈ থাকক; নহ’লে বিদেশীয়ে আমাক খাই পেলাবঃ গণশিল্পী সূৰ্য দাস ৷ দুধনৈত স্বাধীনতা দিৱসত “ৰাজেন পাম সোঁৱৰণি শিল্পী বঁটা” প্ৰদান গণশিল্পী গৰাকীক।

  • Share this:
দুধনৈত স্বাধীনতা দিৱসত “ৰাজেন পাম সোঁৱৰণি শিল্পী বঁটা” প্ৰদান শিল্পী সূৰ্য দাসক ৷

দুধনৈৰ স্বাধীনতা দিৱসত উপস্থিত থাকি অসমবাসীলৈ আহ্বান গণশিল্পী সূৰ্য দাসৰ- “বিদেশীয়ে আমাক গ্ৰাস কৰিবলৈ লৈছে, বিদেশীয়ে এদিন খাই পেলাব” “সকলো জাতি জনগোষ্ঠী মিলি থাকক, এক হৈ থাকক৷” দুধনৈত ৭৬ সংখ্যক স্বাধীনতা দিৱসত অসমৰ প্ৰখ্যাত গণ শিল্পী সুৰ্য দাসলৈ আগবঢ়োৱা হয় ২০২০-২১ বৰ্ষৰ ৰাজেন পাম সোঁৱৰণি শিল্পী বঁটা ৷ দুধনৈ ৰাজহুৱা খেলপথাৰত ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ সৌজন্যত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এই বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট শিল্পীগৰাকীক ৷ বঁটা গ্ৰহণ কৰিয়েই শিল্পী গৰাকীৰ সাংবাদিকৰ আগত অনুভৱ তথা প্ৰতিক্ৰিয়া-

“বঁটা বাহন নামত হ’ব পাৰে ,এয়া আঁচলতে স্বদেশপ্ৰেম ৷ আমি আঁচলতে গান গোৱা নাছিলো ,আমি আছিলোঁ মানুহ প্ৰেমিক , স্বদেশ প্ৰেমিক ৷ আমাক সময়ে শিকালে, সময়ে বুজালে, দেশখন ৰাখিবলৈ হ'লে মিলিজুলি কিবা এটা কৰিব লাগিব ৷ তেওঁ আহোম, তেওঁ বড়ো, তেওঁ ৰাভা, তেওঁ মিচিং, তেওঁ তিৱা এইবোৰ সংকীৰ্ণতাক দূৰ কৰিবৰ হ’ল ৷ দেশ আৰু জাতি ৰাখিবলৈ হলে আমি মিলিজুলি কিবা এটা কৰিব লাগিব ৷ মই প্ৰায় জনগোষ্ঠীৰে ভাষাৰ গীত গাইছোঁ ৷ এই বয়সত, সূৰ্যাস্তৰ সময়ত এই বঁটা পোৱাৰ বাবে নথৈ আনন্দিত বুলি উল্লেখ কৰে শিল্পী গৰাকীয়ে ৷ মানুহ বোলা শব্দটো এতিয়া ভয়ংকৰ হৈ পৰিছে ৷ মানুহক বুজিবলৈ টান ৷ মানৱতা মানুহৰ পৰা এতিয়া হেৰাই গৈছে ৷ আমি গান গাইছিলোঁ মানৱতাৰ হকে, দুৰ্নীতিৰ বিৰুদ্ধে ৷ এতিয়া দেখিবলৈ পোৱা নাযায় ,গতিকে সাৱধান হ’বৰ হ’ল ৷অসমৰ সকলো জাতি-জনগোষ্ঠী মিলিজুলি একেলগে থাকক ৷ বিদেশী আমাক গ্ৰাস কৰো কৰো কৰি আহিছে ৷ নহ’লে এদিন আমাক বিদেশীয়ে খাই পেলাব ৷ সেয়ে নতুন প্ৰজন্মৰ শিল্পী সকলৰ প্ৰতি তেখেতৰ আহ্বান “অসম খনক, সাংস্কৃতিক জগতখনক, অসমীয়া সমাজখনক সুন্দৰকৈ ৰাখক ৷ তেতিয়াহে অসমৰ মান ৰক্ষা হ’ব ৷” তেখেতৰ মাটিৰ গোন্ধ থকা “মানুহ দেখিছোঁ আজি বহুত মানুহ” শীৰ্ষক গীতটোৰ কলি গুণ-গুনোৱাৰ লগতে কয় মই এটি সুৰ তৈয়াৰ কৰি এই গীতটি গাইছিলোঁ, যিটো গান এতিয়া প্ৰাসংগিক হৈ পৰিছে ৷”

লগতে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ তৰফৰ পৰা শিল্পী, সাহিত্যিক, সাংবাদিকসহ কেইবাজনো বিশিষ্ট লোকক স্বাধীনতা দিৱস উপলক্ষে বঁটা প্ৰদান কৰা হয় ৷
Published by:Kokil Sarma
First published: