দুধনৈত 'সিংঘম'ৰ জালত পৰিল Most Wanted আব্দুল বাৰিক, যান–বাহন চুৰিৰে চলাইছিল সন্ত্ৰাস

News18 Assam | News18-Assam
Updated:June 6, 2021, 9:45 AM IST
দুধনৈত 'সিংঘম'ৰ জালত পৰিল Most Wanted আব্দুল বাৰিক, যান–বাহন চুৰিৰে চলাইছিল সন্ত্ৰাস
জব্দ ভুৱা নম্বৰ প্লেট, স্কেনাৰ, প্ৰিণ্টাৰ, লেপটপ সহ আন বহু আপত্তিজনক সামগ্ৰী৷ গ্ৰেপ্তাৰ আৰক্ষীৰ MOST WANTED আব্দুল বাৰিক৷

জব্দ ভুৱা নম্বৰ প্লেট, স্কেনাৰ, প্ৰিণ্টাৰ, লেপটপ সহ আন বহু আপত্তিজনক সামগ্ৰী৷ গ্ৰেপ্তাৰ আৰক্ষীৰ MOST WANTED আব্দুল বাৰিক৷

  • Share this:
গোৱালপাৰাত অপৰাধীৰ বাবে এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে দুধনৈত ‘সিংঘম’ হিচাপে জনপ্ৰিয় হৈ পৰা মুকুট কাকতি৷ এটা সপ্তাহতে তিনিটাকৈ সফল অভিযান মুকুট কাকতিৰ৷ যোৱানিশা ক্ষীপ্ৰ তথা সুপৰিকল্পিত অভিযানত উৎখাত ভুৱা পৰিবহণ কাৰ্যালয়৷ জব্দ ভুৱা নম্বৰ প্লেট, স্কেনাৰ, প্ৰিণ্টাৰ, লেপটপ সহ আন বহু আপত্তিজনক সামগ্ৰী৷ গ্ৰেপ্তাৰ আৰক্ষীৰ MOST WANTED আব্দুল বাৰিক৷

শেহতীয়াকৈ ৰাজ্যত অসম আৰক্ষী ড্ৰাগছ বা নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ হোৱাৰ লগতে গোৱালপাৰা তথা দুধনৈ আৰক্ষীয়ে এইবাৰ যান–বাহন চুৰি চক্ৰ ৰাজ্যৰ পৰাই পুলিয়ে–পোখাই উৎখাত কৰাৰ সংকল্প লৈছে৷ আৰু ইয়াৰ অংশ হিচাপে দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিৰ নেতৃত্বত ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে ইতিমধ্যে কেবাটাও সফল অভিযান চলোৱা দুধনৈ আৰক্ষীয়ে এইবাৰ নামি পৰিছে যান–বাহন চুৰিৰ লগত জড়িত চক্ৰৰ বিৰুদ্ধে৷

যোৱানিশা এক নিশ্চিত তথ্যৰ ওপৰত ভিত্তি কৰি দুধনৈৰ আৰক্ষী বিষয়া মুকুট কাকতিৰ নেতৃত্বত এটা দলে ৰংজুলিৰ ফৰেষ্ট কানকাটা অঞ্চলত চলোৱা এক অভিযানত উৎখাত হয় ৰাজ্যজুৰি যান-বাহন চুৰিৰে সন্ত্ৰাস চলাই অহা এটা বৃহৎ গেং৷ আৰক্ষীৰ এই সফল অভিযানত যান-বাহন চুৰি চক্ৰটোৰ অন্যতম এজন দুৰ্ধৰ্ষ তথা আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড  অপৰাধী আব্দুল বাৰিকক আটক কৰে৷ এই গেংটোৱে যান-বাহন চুৰি কৰি আনি ভুৱা নম্বৰ প্লেট বনাই, ভুৱা পঞ্জীয়ন পত্ৰ, ভুৱা ইঞ্জিন নম্বৰ, ভুৱা চেচিছ নম্বৰ বহুৱাই যান–বাহনৰ চোৰাং ব্যৱসায়ী চলাই অহাৰ তথ্য এই অভিযানত পোহৰলৈ আহে৷

চুৰি যান-বাহনৰ চক্ৰটোৱে ভুৱা পৰিবহণ কাৰ্যালয়লৈ ৰূপান্তৰিত কৰা ধৃত আব্দুল বাৰিকৰ বাসগৃহৰ পৰা আৰক্ষীয়ে বাহনৰ ভুৱা পঞ্জীয়ন পত্ৰ আৰু ভুৱা পান কাৰ্ড বনোৱা লেপটপ এটা, ভুৱা নম্বৰ প্লেট ২৬খন, প্ৰিণ্টাৰ ২ দুটা, স্কেনাৰ এটা, গেছ কাটিং গ্লো পাইপ এটা, গেছ পাইপ এটা, বাহনৰ মূল ইঞ্জিন নাম্বাৰ আৰু চেচিচ নম্বৰ আঁতৰাই ভুৱা ইঞ্জিন নম্বৰ তৈয়াৰ কৰা ৬৩টা আইৰণ পাঞ্চিং নেইল, বাইকৰ তেল টেংকীৰ ল’ক ৪টা, হেণ্ডেল ল’ক ৪টা, ছিট ল’ক ৬টা, গেছ কাটাৰ মিটাৰ এটা আৰু ৰেগুলেটৰ এটা, চুৰি কাণ্ডত ব্যৱহাৰ কৰা বৃহৎ পৰিমাণৰ টুল কীটছ জব্দ কৰিবলৈ সক্ষম হয়৷

ইয়াৰ উপৰি নম্বৰ প্লেটবিহীন দুখন চুৰি পালছাৰ বাইকসহ চুৰি কাৰ্যত ব্যৱহৃত হোৱা এখন বিলাসী JAVA মটৰচাইকেল আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ আনহাতে, ধৃত আব্দুল বাৰিকৰ স্বীকাৰোক্তিৰ ভিত্তিত দুধনৈ আৰক্ষীয়ে এই চক্ৰটোৰ লগত জড়িত থকাৰ সন্দেহত দুজনক সোধা–পোছাৰ বাবে আটক কৰিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই চক্ৰটোৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যান-বাহনৰ চোৰাং বেহাৰ জাল মেলিছিল৷ এক সূত্ৰৰ মতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰি হোৱা যান–বাহনসমূহ এই চক্ৰটোৰ সহায়ত ভুৱা নথি–পত্ৰ তৈয়াৰ কৰি ব্যৱসায় চলাই গৈছিল৷

এই বৃহৎ গেংটো আৰক্ষীৰ জালত পৰাটো দুধনৈ তথা গোৱালপাৰা আৰু অসম আৰক্ষীৰ বাবেও এক বৃহৎ সফলতা বুলি জিলা আৰক্ষী অধীক্ষক ভিৰা ভেংকট ৰাকেশ ৰেড্ডীয়ে জানিবলৈ দিয়ে৷ দুধনৈ আৰক্ষীয়ে ইতিমধ্যে এই সংক্ৰান্তত মাৰাথন অভিযান অব্যাহত ৰাখিছে আৰু অতি কম সময়ৰ ভিতৰত গেংটোৰ আন আন সদস্যক কৰায়ত্ত কৰাৰ লগতে কেইবাখনো চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলিও আৰক্ষীয়ে দৃঢ়তাৰে জনায়৷ গোৱালপাৰাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে উপ–আৰক্ষী অধীক্ষক মৃণাল ডেকাও এই বিষয়টোক গুৰুত্ব সহকাৰে লৈ তদন্ত চলাই গৈছে৷

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ‘সিংঘম’ নামে পৰিচিত দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিৰ নেতৃত্বত চলোৱা অভিযানত উৎখাত হৈছিল বৃহৎ চুৰি মটৰ চাইকেল চক্ৰ, উদ্ধাৰ কৰিছিল ১৬ খনকৈ চুৰি বাইক৷
Published by: Sanjay Kumar Das
First published: June 6, 2021, 9:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি