• Home
  • »
  • News
  • »
  • assam
  • »
  • অন্ধবিশ্বাসী লোকে মাৰিলে মাতৃক, এজন হৃদয়বান যুৱকে ৰক্ষা কৰিলে তিনিটা প্ৰাণ

অন্ধবিশ্বাসী লোকে মাৰিলে মাতৃক, এজন হৃদয়বান যুৱকে ৰক্ষা কৰিলে তিনিটা প্ৰাণ

ফেঁচাৰ প্ৰতি এতিয়াও চলি আছে মানুহৰ অন্ধবিশ্বাস

ফেঁচাৰ প্ৰতি এতিয়াও চলি আছে মানুহৰ অন্ধবিশ্বাস

ফেঁচাৰ প্ৰতি এতিয়াও চলি আছে মানুহৰ অন্ধবিশ্বাস

  • Share this:
এদিন পূৰ্বে দুধনৈৰ এটা অঞ্চলত অন্ধবিশ্বাসৰ ফলত কেইজনমান লোকে শিলগুটি, ইটাৰে মৰিয়াই মৰিয়াই এজনী ফেঁচাক মাৰি পেলাইছিল। ফেঁচাজনীৰ আছিল তিনিটাকৈ কণী ফুটি ওলোৱা অতি সৰু পোৱালি। মাতৃজনীক মাৰি পেলোৱাৰ পিছত পোৱালি তিনিটাকো মাৰিবলৈ উদ্যত হোৱাৰ সময়তে সেই স্থানত গৈ উপস্থিত হয় দুধনৈৰে এজন সচেতন যুৱক মনদ্বীপ ৰাভা ৷

যুৱকজনে লোককেইজনৰ কবলৰ পৰা মাতৃ ফেঁচাজনীক জীৱীত অৱস্থাত উদ্ধাৰ কৰিব নোৱাৰিলে যদিও পোৱালি তিনিটাক উদ্ধাৰ কৰি নিজ ঘৰলৈ লৈ আহে ৷ সেই সময়ত ফেঁচা পোৱালি কেইটাক কিদৰে বচাই ৰাখিব তাক লৈ ফেচবুকত এটা পোষ্ট দিয়ে মনদ্বীপে৷ সেই পোষ্টটো লাভ কৰি প্ৰকৃতিপ্ৰেমী মনোজ গগৈয়ে মনদ্বীপৰ লগত যোগাযোগ কৰে আৰু মহামাৰী কোৰোণা আৰু লকডাউনৰ বাধা নেওচি দুধনৈত আহি উপস্থিত হয়৷



ফেঁচা পোৱালি কেইটা Oriental scops owl প্ৰজাতিৰ বুলি অনুমান কৰিছে মনোজ গগৈয়ে। তিনিওটা মাতৃহাৰা ফেঁচা পোৱালিক উদ্ধাৰ কৰি কাজিৰঙালৈ ৰাওনা হয় মনোজ গগৈ ৷ মনোজ গগৈয়ে মনদ্বীপৰ এই কাৰ্যৰ বাবে ধন্যবাদ জনায় আৰু ফেঁচাৰ প্ৰতি মানুহৰ যি অন্ধবিশ্বাস এতিয়াও চলি আছে, তাক মনৰ পৰা আঁতৰাই পেলাবৰ বাবে সকলোকে আহ্বান জনায় ৷
Published by:Sanjay Kumar Das
First published: