পুনৰ চিকিৎসকক আক্ৰমণৰ ঘটনা, দুধনৈৰ চিকিৎসালয়ত একাংশ উন্মত্ত লোকৰ উদ্ভণ্ডালি

নয়াপাৰাত সংঘটিত দুৰ্ঘটনাত বিকাশ ৰাভা নামৰ যুৱকজন নিহত হোৱাৰ লগতে চাইকেল আৰোহী ক্ৰমে ৰয়জুদ্দিন আলী আৰু ইনছান আলী গুৰুতৰভাৱে আহত হয়।

News18-Assam
Updated:September 19, 2019, 8:27 AM IST
পুনৰ চিকিৎসকক আক্ৰমণৰ ঘটনা, দুধনৈৰ চিকিৎসালয়ত একাংশ উন্মত্ত লোকৰ উদ্ভণ্ডালি
নয়াপাৰাত সংঘটিত দুৰ্ঘটনাত বিকাশ ৰাভা নামৰ যুৱকজন নিহত হোৱাৰ লগতে চাইকেল আৰোহী ক্ৰমে ৰয়জুদ্দিন আলী আৰু ইনছান আলী গুৰুতৰভাৱে আহত হয়।
News18-Assam
Updated: September 19, 2019, 8:27 AM IST
টীয়ক কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আকৌ ৰাজ্যত সংঘটিত হৈছে চিকিৎসকক আক্ৰমণৰ ঘটনা। এইবাৰ স্থান গোৱালপাৰাৰ দুধনৈ। যোৱানিশা দুধনৈ চিকিৎসালয়ত একাংশ উন্মত্ত লোকে দুগৰাকী চিকিৎসকক মাৰপিট কৰাৰ অভিযোগ। হাস্পতালখনৰ আচবাবো ভাঙি লণ্ডভণ্ড কৰে উন্মত্ত লোকসকলে।

নিশা দুধনৈৰ নয়াপাৰা আৰু আমজোঙাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুটা পৃথক পথ দুৰ্ঘটনাত মৃত্যুক সাবটি লয় দুজন যুৱকে। নয়াপাৰাত সংঘটিত হোৱা দুৰ্ঘটনাত বিকাশ ৰাভা নামৰ যুৱকজন নিহত হয়। আৰক্ষীয়ে যুৱকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। কিন্তু নিহত যুৱকজনৰ অভিভাৱক আৰু একাংশ লোকে অভিযোগ কৰে যে বিকাশ ৰাভাৰ মৃত্যু হোৱা নাই। তাৰ পিছতে হাস্পতালখনত সৃষ্টি হয় উপ্তত্ত পৰিস্থিতিৰ। একাংশ লোকে চিকিৎসালয়খন লণ্ডভণ্ড কৰিবলৈ আৰম্ভ কৰে। ইমানতে ক্ষান্ত নাথাকি উন্মত্ত দলটোৱে কৰ্তব্যৰত দুজন চিকিৎসকৰ ওপৰতো চলায় আক্ৰমণ।

এই আক্ৰমণত অপূৰ্ব বড়ো নামৰ চিকিৎসকজনক আইনাৰ টুকুৰা লাগি আঘাতপ্ৰাপ্ত হয়। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। কৰ্তব্যৰত আৰক্ষীৰ সৈতেও তৰ্কাতৰ্কিত লিপ্ত হয় দলটো।

নয়াপাৰাত সংঘটিত দুৰ্ঘটনাত বিকাশ ৰাভা নামৰ যুৱকজন নিহত হোৱাৰ লগতে চাইকেল আৰোহী ক্ৰমে ৰয়জুদ্দিন আলী আৰু ইনছান আলী গুৰুতৰভাৱে আহত হয়। আনহাতে, আমজোঙাত সংঘটিত আনটো দুৰ্ঘটনাত থিতাতে নিহত হয় ৰঞ্জন কুমাৰ ৰাভা নামৰ যুৱকজন। চলন্ত ট্ৰাকৰ পিছফালে দ্ৰুতবেগী বাইকে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এগৰাকী যুৱতী।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।



আৰু চাওক পৰৱৰ্তী বাতৰি