মুখ্যপৃষ্ঠা »খবৰ »অসম »লক্ষ্মী পূজাত এমুঠি ধানৰ বাবে হাহাকাৰ দুধনৈৰ এখন গাঁৱৰ ৰাইজৰ...

লক্ষ্মী পূজাত এমুঠি ধানৰ বাবে হাহাকাৰ দুধনৈৰ এখন গাঁৱৰ ৰাইজৰ...

লক্ষ্মী পূজাত এমুঠি ধানৰ বাবে হাহাকাৰ দুধনৈৰ এখন গাঁৱৰ ৰাইজৰ ৷ বিঘাই বিঘাই বিনষ্ট পকা ধান ৷ পথাৰত ধান বুলিবলৈ একোয়ে নাই , আছে মাথোঁ নৰা কেইডালহে ৷

  • Share this:
লক্ষ্মী পূজাত এমুঠি ধানৰ বাবে হাহাকাৰ দুধনৈৰ এখন গাঁৱৰ ৰাইজৰ ৷ বিঘাই বিঘাই বিনষ্ট পকা ধান ৷ পথাৰত ধান বুলিবলৈ একোয়ে নাই , আছে মাথোঁ নৰা কেইডালহে ৷

আজি লক্ষ্মী পূজা ৷ ধন সম্পদৰ অধীষ্ঠাত্ৰী দেৱী লক্ষ্মী । সৌভাগ্য আৰু শান্তিৰ প্ৰতীক মা লক্ষ্মী ৷ সৌভাগ্য আৰু সমৃদ্ধিৰ বাবে ঘৰে ঘৰে লক্ষ্মী দেৱীৰ আৰাধনা কৰা হয় ৷ ধনৰ দেৱী লক্ষ্মীক আৰাধনাৰ বাবে ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে চলিছে  পূজা-অৰ্চনা , কিন্তু দৰংগিৰিৰ এখন গাঁৱৰ একাংশ কৃষকৰ ঘৰত লক্ষ্মী পূজা কৰিবলৈ নাই এমুঠিও ধান ৷ কাৰণ বন্যহস্তীৰ উপদ্ৰৱ, যাৰ বাবে এতিয়া মূৰে-কঁপালে হাত দি চকুলো টুকিছে চেচাপানী গাঁৱৰ বহু কৃষকে ৷ বন্যহস্তীয়ে খাই তহিলং কৰিছে পকিবলৈ ধৰা পথাৰৰ ধান ৷ সমৃদ্ধিৰ দেৱী লক্ষ্মীক আদৰিবলৈ উচাহ নাই গাঁওবাসীৰ মাজত ৷ যোৱা এটা মাহ ধৰি প্ৰায় ৭০ / ৮০ টা বন্যহস্তীৰ এটা জাকে নিতৌ বিনষ্ট কৰিছে বিঘাই বিঘাই ধান খেতি ৷ সন্ধিয়া হ’লেই বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি হাতীৰ জাকটোৱে এফালৰ পৰা চলাই গৈছে তাণ্ডৱ ৷ কেৱল নিশাই নহয় , দিনটো ধাননি পথাৰত নামি গাঁৱৰ চহা কৃষকৰ পথাৰৰ পকা ধান খাই চলাইছে সন্ত্ৰাস। এনেদৰে হাতীয়ে খাই তহিলং কৰিছে গাঁৱখনৰ প্ৰায় ৬০/৭০ বিঘা ধানৰ খেতি ৷ এতিয়া পথাৰত ধানৰ সলনি কেৱল মাথোঁ হাতীৰ খোঁজহে  দেখিবলৈ পোৱা যায় ৷ আতংকত দিন অতিবাহিত কৰাৰ লগতে উজাগৰী নিশা কটাব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ শ শ ৰাইজে ৷ বাৰিষা মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা হাতীয়ে চকুৰ সমুখতে খাই শেষ কৰা দৃশ্য চাই হতাশগ্ৰস্ত এতিয়া কৃষকসকল, বন বিভাগৰো নাই কোনো তৎপৰতা ৷

শেহতীয়া বাতৰি