মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমলৈ অবৈধভাৱে অনা হৈছে বহিঃৰাজ্যৰ হাঁহ, কুকুৰা, ব্ৰয়লাৰ আৰু গাহৰি; আৰক্ষীৰ জব্দ তিনিখন বলে'ৰ বাহন

অসমলৈ অবৈধভাৱে অনা হৈছে বহিঃৰাজ্যৰ হাঁহ, কুকুৰা, ব্ৰয়লাৰ আৰু গাহৰি; আৰক্ষীৰ জব্দ তিনিখন বলে'ৰ বাহন

তিনিখন বলে'ৰ পিকাপ বাহনেৰে বইলাৰ মুৰ্গী অসমলৈ অনা হৈছিল।

তিনিখন বলে'ৰ পিকাপ বাহনেৰে বইলাৰ মুৰ্গী অসমলৈ অনা হৈছিল।

তিনিখন বলে'ৰ পিকাপ বাহনেৰে বইলাৰ মুৰ্গী অসমলৈ অনা হৈছিল।

  • Share this:
কোকৰাঝাৰ জিলাৰ পাটগাঁও আৰক্ষীয়ে বইলাৰ মুৰ্গী কঢ়িয়াই অনা কেইখনমান বাহন জব্দ কৰিছে। নিষেধাজ্ঞা থকা সত্বেও অসমলৈ অবৈধভাৱে বহিঃৰাজ্যৰ হাঁহ, কুকুৰা, ব্ৰয়লাৰ আৰু গাহৰি আনি থকা হৈছে। কোকৰাঝাৰ জিলাৰ অসম-পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক প্ৰৱেশদ্বাৰ তথা গেটেৰে অসমলৈ বইলাৰ মুৰ্গী অনা হৈছিল।

আজি পাটগাঁওস্থিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে তিনিখনকৈ বইলাৰ মূৰ্গী কঢ়িয়াই অনা বাহন জব্দ কৰে। বাহন তিনিখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে AS 16 AC 4243; AS18 AC 4566 আৰু AS18AC1288 নম্বৰ। এই তিনিখন বলে'ৰ পিকাপ বাহনেৰে বইলাৰ মুৰ্গী অসমলৈ অনা হৈছিল।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু ব্ৰইলাৰৰ এভিয়ান ইনফ্লুয়েঞ্জাৰ সংক্ৰমণৰ বাবে অসমলৈ বহিঃৰাজ্যৰ গাহৰি-ব্ৰইলাৰৰ আমদানিত নিষেধাজ্ঞা জাৰি কৰিছিল।

শেহতীয়া বাতৰি