২ আৰু ৩ মে’ত অসমত ড্ৰাই ডে’ ঘোষণা। অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত এই দিন দুটাত ড্ৰাই ডে’ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।
ৰাজ্যৰ আবকাৰী বিভাগে এই সন্দৰ্ভত সকলো জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিসকলৰ লগতে জিলাসমূহৰ আবকাৰী অধীক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।
অৱশ্যে এই নিৰ্দেশনা উল্লেখ থকা অনুসৰি, যিকেইখন জিলাত ইয়াৰ অন্তৰ্গত সকলো বিধানসভা সমষ্টিৰ ভোটগণনা তথা নিৰ্বাচনী ফলাফল ঘোষণা প্ৰক্ৰিয়া ৩ মে’ৰ আগবেলা ১১ বজাৰ পূৰ্বে সম্পূৰ্ণ হ’ব, সেই জিলাসমূহত ৩ মে’ৰ দিনা ড্ৰাই ডে’ৰ নিৰ্দেশনা প্ৰযোজ্য নহ’ব।