ৰাজ্যজুৰি বলিছে নিৰ্বাচনৰ গৰম বতাহ। আজি প্ৰথম পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন। বিয়লি ৫ বজাৰ লগে লগে বন্ধ হৈ পৰিব প্ৰচাৰ অভিযান। অহা ২৭ মাৰ্চত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। গতিকে ভোটদান পৰ্বৰ প্ৰতি লক্ষ্য ৰাখি সুৰাৰ বিপণী বন্ধ ৰখাৰ জাননী জাৰি কৰা হৈছে।
ভোটদান অনুষ্ঠিত হোৱাৰ ৪৮ ঘণ্টাৰ পূৰ্বৰে পৰা বন্ধ হৈ পৰিব ভোটদান প্ৰক্ৰিয়া। সেই হিচাপে এইকেইটা দিনত হোটেল, দোকান, বাৰ আদি সকলো স্থানতে সুৰাৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
যিহেতু ২৭ মাৰ্চত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, গতিকে ২৫ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ২৭ মাৰ্চৰ সন্ধিয়া ৬ বজালৈকে বন্ধ থাকিব সুৰাৰ বিপণী। সেইদৰে ১ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি অহা ৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈকে বন্ধ থাকিব সুৰাৰ বিপণী।
একেদৰে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈকে বন্ধ থাকিব সুৰাৰ বিপণী। আনহাতে ভোটগণনা দিনাও বন্ধ থাকিব সুৰাৰ বিপণী।