'ড্ৰাই ডে'ত সকলোধৰণৰ বিলাতী সুৰাৰ বিপণী, দেশীয় সুৰাৰ বিপণী, পণ্যাগাৰ আদি বন্ধ থাকিব৷ সুৰা বা আন নিচাজাতীয় সামগ্ৰী মজুত ৰখা, বিক্ৰী কৰা, বিতৰণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷
'ড্ৰাই ডে'ত সকলোধৰণৰ বিলাতী সুৰাৰ বিপণী, দেশীয় সুৰাৰ বিপণী, পণ্যাগাৰ আদি বন্ধ থাকিব৷ সুৰা বা আন নিচাজাতীয় সামগ্ৰী মজুত ৰখা, বিক্ৰী কৰা, বিতৰণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷
গোসাইগাঁও বিধানসভা সমষ্টিত অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচন উপলক্ষে ধুবুৰী জিলাৰ ছটোগুমা, চাগলীয়া, হালাকুৰা, আগমনি, গোলকগঞ্জ, নালিয়া, তামাৰহাট আদি অঞ্চলত ২৮ অক্টোবৰৰ সন্ধিয়া ৫ বজাৰ পৰা ৩০ অক্টোবৰৰ সন্ধিয়া ৫ বজালৈ ৪৮ ঘণ্টাৰ বাবে এক নিৰ্দেশযোগে 'ড্ৰাই ডে' ঘোষণা কৰিছে ধুবুৰী জিলা দণ্ডাধীশ অন্বামুথন এম পিয়ে৷
আনহাতে, ভোটগণনাৰ দিনা অৰ্থাৎ ২ নৱেম্বৰত ভোটগণনা প্ৰক্ৰিয়া অন্ত নপৰা পৰ্যন্ত 'ড্ৰাই ডে' অব্যহত থাকিব বুলি নিৰ্দেশটোত কোৱা হৈছে৷ 'ড্ৰাই ডে'ত সকলোধৰণৰ বিলাতী সুৰাৰ বিপণী, দেশীয় সুৰাৰ বিপণী, পণ্যাগাৰ আদি বন্ধ থাকিব৷ সুৰা বা আন নিচাজাতীয় সামগ্ৰী মজুত ৰখা, বিক্ৰী কৰা, বিতৰণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ এই নিৰ্দেশ অমান্য কৰোতাক অসম আবকাৰী আইন আৰু বিধিমতে শাস্তি বিহা হ'ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|