• Home
  • »
  • News
  • »
  • assam
  • »
  • JORHAT : যোৰহাটৰ ৰাজপথত নিশা সম্ভ্ৰান্ত পৰিয়ালৰ সুৰামত্ত যুৱকৰ অৰ্ধউলংগ হৈ উদ্ভণ্ডালি

JORHAT : যোৰহাটৰ ৰাজপথত নিশা সম্ভ্ৰান্ত পৰিয়ালৰ সুৰামত্ত যুৱকৰ অৰ্ধউলংগ হৈ উদ্ভণ্ডালি

ৰাইজৰ মাজত চৰ্চা চলিছে যে এনে তথাকথিত সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰা হোৱা বাবেই আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে নেকি এইসকল উদণ্ড যুৱক?

ৰাইজৰ মাজত চৰ্চা চলিছে যে এনে তথাকথিত সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰা হোৱা বাবেই আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে নেকি এইসকল উদণ্ড যুৱক?

ৰাইজৰ মাজত চৰ্চা চলিছে যে এনে তথাকথিত সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰা হোৱা বাবেই আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে নেকি এইসকল উদণ্ড যুৱক?

  • Share this:
যোৰহাট আৰক্ষীক একপ্ৰকাৰ ভেঙুচালি কৰি যোৰহাট নগৰৰ মাজমজিয়াত নিশা তাণ্ডৱ চলাই আহিছে একাংশ সুৰাপায়ী যুৱকে। শেহতীয়াকৈ পোৱা খবৰ মতে যোৰহাট নগৰৰ বঙালপুখুৰী তিনিআলিত ১৭ জুলাইৰ নিশা সুৰাৰ ৰাগীত মাতাল হৈ এজন যুৱকে সংগীসহ ৰাজপথতে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ মতে, যুৱকজনে কাপোৰ খুলি অৰ্ধনগ্ন হৈ ৰাজপথত তাণ্ডৱ চলোৱাৰ লগতে সমীপতে থকা এটা এটিএমতো যুৱকৰ দলটোৱে আক্ৰমণ কৰি এটিএমটোৰ বিস্তৰ ক্ষতি কৰে।

সম্ভ্ৰান্ত পৰিয়ালৰ যুৱককেইজনৰ এই কাণ্ডই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে একাংশ সুৰাপায়ী যুৱকে ৰাজপথত নিশা ১১ বজাতে চলোৱা এনে উদ্ভণ্ডালিয়ে সচকিত কৰি তুলিছে সাধাৰণ লোকসকলক।

এনেক্ষেত্ৰত আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্নৰ সৃষ্টি হৈছে । আনহাতে এই যুৱককেইজনৰ মাজত এজন যুৱকৰ পৰিয়ালত আছে শীৰ্ষ চৰকাৰী বিষয়াৰ পৰা ৰাজনৈতিক নেতালৈকে। সেয়েহে ৰাইজৰ মাজত চৰ্চা চলিছে যে এনে তথাকথিত সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰা হোৱা বাবেই আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে নেকি এইসকল উদণ্ড যুৱক !

যোৰহাটত এনেধৰণৰ উদ্ভণ্ডালি ৰোধ কৰিবলৈ আৰক্ষীক বহু পূৰ্বৰে পৰা নিৰ্দেশ দিয়া হৈছিল । এতিয়া এই সম্ভ্ৰান্ত উদণ্ড যুৱকসকলক নাকী লগাবলৈ আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি