• Home
  • »
  • News
  • »
  • assam
  • »
  • নলবাৰীত জ্বলাই দিয়া হ’ল ৮ কোটি টকাৰ ড্ৰাগছ–নিচাজাতীয় সামগ্ৰী

নলবাৰীত জ্বলাই দিয়া হ’ল ৮ কোটি টকাৰ ড্ৰাগছ–নিচাজাতীয় সামগ্ৰী

ড্ৰাগছ দাহন কাৰ্যসূচীত উপস্থিত থাকি নলবাৰী জিলাক ড্ৰাগছমুক্ত কৰাৰ সংকল্প জিলা আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথৰ।

  • Share this:
নলবাৰীতো আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি  দাহন কৰা হ’ল ড্ৰাগছসহ নিচাযুক্ত সামগ্ৰী। জিলাখনৰ বলাকুছিৰ পাগলদিয়াৰ পাৰত জিলা প্ৰশাসনে দাহ কৰিলে আনুমানিক ৮ কোটি টকাৰ হেৰ’ইন, ব্ৰাউন চুগাৰ, গাঞ্জাৰ লগতে নিচাজাতীয় টেবলেট আৰু কফ চিৰাপ। ড্ৰাগছ দাহন কাৰ্যসূচীত উপস্থিত থাকি নলবাৰী জিলাক ড্ৰাগছমুক্ত কৰাৰ সংকল্প জিলা আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথৰ।

সম্প্ৰতি সমাজত মাৰাত্মক ব্যাধি ৰূপে গঢ় লৈ উঠা ড্ৰাগছে ধ্বংসৰ গঢ়াহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক। সেয়েহে আজিৰ এই বিশেষ দিনটোত জিলা আৰক্ষী অধীক্ষকগৰাকীৰ আহবান– ড্ৰাগছমুক্ত এখন সুস্থ সমাজ গঢ়াত আৰক্ষীক সহযোগ কৰক জনসাধাৰণে।
Published by:Sanjay Kumar Das
First published: