• Home
  • »
  • News
  • »
  • assam
  • »
  • বঙাইগাঁৱত জ্বলাই দিয়া হ’ল ছয় কোটিৰ অধিক মূল্যৰ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী

বঙাইগাঁৱত জ্বলাই দিয়া হ’ল ছয় কোটিৰ অধিক মূল্যৰ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী

আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিগত এটা বছৰত জিলাখনত জব্দ হোৱা ড্ৰাগছসমূহ ধ্বংস কৰে৷

  • Share this:
বঙাইগাঁৱত দাহ কৰা হ’ল ছয় কোটিৰ অধিক মূল্যৰ ড্ৰাগছ ৷ আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিগত এটা বছৰত জিলাখনত জব্দ হোৱা ড্ৰাগছসমূহ ধ্বংস কৰে৷ আদালতৰ নিৰ্দেশ মৰ্মে জিলাখনৰ বিভিন্ন থানা আৰু আদালতৰ মালখানাত জব্দকৃত ড্ৰাগছখিনি জ্বলাই দিয়া হয়৷

বীৰঝৰা চাহ বাগিচাত গাঞ্জা ৭০৪ কেজি, নিচাজাতীয় কেপচুল ৯৮৯৪টা, টেবলেট ১১৭৯৪৩টা, কফ চিৰাপ ৫৪৩৪৪ বটল, হেৰ’ইন ১৩৩.২৩ গ্ৰামসহ মুঠ ৬,২৬,৩১,৭৮০ টকা মূল্যৰ ড্ৰাগছ জ্বলাই দিয়া হয়৷ উক্ত কাৰ্যসূচীত আইজিপি দিলীপ কুমাৰ দে, উপায়ুক্ত নৱদ্বীপ পাঠক, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ বিষয়াবৰ্গ উপস্থিত থাকে।
Published by:Sanjay Kumar Das
First published: