বশিষ্ঠৰ নালাপাৰাৰ এটা ট্ৰেন্সপৰ্ট এজেঞ্চীত চলা অভিযানত জব্দ হ’ল প্ৰায় ১১ লাখ টকাৰ নিষিদ্ধ কফ চিৰাপ
বশিষ্ঠৰ নালাপাৰাৰ এটা ট্ৰেন্সপৰ্ট এজেঞ্চীত চলা অভিযানত জব্দ হ’ল প্ৰায় ১১ লাখ টকাৰ নিষিদ্ধ কফ চিৰাপ
চিআইডিৰ অভিযানত পোহৰলৈ আহিছে নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধুলি দি কেনেকৈ দৈনিক সৰবৰাহ কৰি আছে কোটি কোটি টকাৰ ড্ৰাগছ, নিষিদ্ধ কফ চিৰাপ।
সোমবাৰে নিশা বশিষ্ঠৰ নালাপাৰাৰ এটা ট্ৰেন্সপৰ্ট এজেঞ্চীত চলা অভিযানত জব্দ হ’ল প্ৰায় ১১ লাখ টকাৰ নিষিদ্ধ কফ চিৰাপ ৷ যাৰ ক’লা বজাৰত মূল্য হ’ব প্ৰায় ৩০ লক্ষাধিক টকা। আহমেদাবাদৰ পৰা শিলচৰৰ ‘P S Pharma & Co’ নামৰ প্ৰতিষ্ঠানৰ বাবে সুগম ট্ৰেন্সপৰ্টে আনিছিল ৭৭ কাৰ্টনত ৭৭০০ বটল নিষিদ্ধ কফ চিৰাপ ৷
তথ্য পোৱাৰ পিছতে চিআইডিৰ এটা দলে নালাপাৰাত সুগম ট্ৰেন্সপৰ্টৰ পাৰ্কিঙত অভিযান চলায় ৷ অভিযানত শিলচৰৰ ‘PS Pharma &co’ হৈ নিষিদ্ধ কফ চিৰাপ খিনি নিবলৈ অহা তপন কুমাৰ নায়কক গ্ৰেপ্তাৰ কৰে ৷ চিআইডিৰ অভিযানত পোহৰলৈ আহিছে এনেধৰণৰ ট্ৰান্সপৰ্ট এজেঞ্চিৰ যোগেদি ড্ৰাগছ সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰিছে ব্যক্তিগত পৰিবহণ সংস্থা সমূহক ৷
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|