মুখ্যপৃষ্ঠা » খবৰ

» অসম

»দুধনৈত আঢ়ৈ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, ধৃত সৰবৰাহকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি – কাটাতাঁৰৰ ওপৰেৰে বাংলাদেশলৈ সৰবৰাহ হয় ড্ৰাগছ

দুধনৈত আঢ়ৈ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, ধৃত সৰবৰাহকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি – কাটাতাঁৰৰ ওপৰেৰে বাংলাদেশলৈ সৰবৰাহ হয় ড্ৰাগছ

News18 Assam | News18-Assam
Updated:September 14, 2021, 12:24 PM IST
দুধনৈত আঢ়ৈ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, ধৃত সৰবৰাহকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি – কাটাতাঁৰৰ ওপৰেৰে বাংলাদেশলৈ সৰবৰাহ হয় ড্ৰাগছ
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ হোৱাৰ পিছতো ডিমাপুৰ, মণিপুৰৰ পৰা অসম আৰু বাংলাদেশলৈ সৰবৰাহ হৈ আছে বৰবিহ স্বৰূপ ড্ৰাগছ৷

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ হোৱাৰ পিছতো ডিমাপুৰ, মণিপুৰৰ পৰা অসম আৰু বাংলাদেশলৈ সৰবৰাহ হৈ আছে বৰবিহ স্বৰূপ ড্ৰাগছ৷

  • News18 Assam
  • Last Updated: September 14, 2021, 12:24 PM IST
  • Share this:
দুধনৈত জব্দ আঢ়ৈ কোটি টকাৰ ড্ৰাগছ৷ ডিমাপুৰৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰাৰ সময়তে দুধনৈ আৰক্ষীয়ে জব্দ কৰে ৪০ (চল্লিশ) হাজাৰ নিচাজাতীয় টেবলেট আৰু ২৫০ গ্ৰাম হেৰ’ইন৷ আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী৷ ধৃত সৰবৰাহকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি৷ কাটাতাঁৰৰ ওপৰেৰে বাংলাদেশলৈ সৰবৰাহ হয় এই নিষিদ্ধ ড্ৰাগছ৷

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ হোৱাৰ পিছতো ডিমাপুৰ, মণিপুৰৰ পৰা অসম আৰু বাংলাদেশলৈ সৰবৰাহ হৈ আছে বৰবিহ স্বৰূপ ড্ৰাগছ৷ ৰংচাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমিত তালুকদাৰ তৎপৰতাত দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলাল মহন্তৰ নেতৃত্বত আঢ়ৈ কোটি টকাৰ নিচাজাতীয় টেবলেট আৰু হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে৷

দুধনৈৰ মাজেৰে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নাগালেণ্ডৰ পঞ্জীয়নকৃত এখন উইংগাৰ বাহন গৈ থকাৰ সময়তে বাহনখন দেখি সন্দেহ হয় আৰক্ষী বিষয়া সুমিত তালুকদাৰৰ। তাৰ পিছতে দুধনৈ আৰক্ষীৰ সহযোগত উক্ত বাহনখন জব্দ কৰি তালাচী চলাওতে উদ্ধাৰ হয় ৪০ হাজাৰ নিচাজাতীয় টেবলেট আৰু ২৫০ গ্ৰাম নিষিদ্ধ হেৰ’ইন৷ আৰক্ষীৰ জালত পৰে তিনি সৰবৰাহকাৰী ক্ৰমে- মণিপুৰৰ থেনচুংনাগ চিংচাং, ডিমাপুৰৰ ইমলিয়ানকুন লং কুমাৰ আৰু মানকাচাৰৰ ফকিৰুল ইছলাম। নাগালেণ্ডৰ পঞ্জীয়ন এখন উইংগাৰ বাহন, তিনিটা মোবাইল ফোনৰ উপৰিও বহু আপত্তিজনক নথি–পত্ৰও জব্দ কৰে আৰক্ষীয়ে৷

আনহাতে মণিপুৰ, ডিমাপুৰৰ পৰা অসম হৈ বাংলাদেশলৈ চালান হোৱা এই ড্ৰাগছ কিদৰে পায় বাংলাদেশ? News18ৰ কেমেৰাৰ সমুখত প্ৰথমবাৰৰ বাবে বিস্ফোৰক তথা চাঞ্চল্যকৰ ভাষ্য দিলে দুধনৈত আৰক্ষীৰ জালত পৰা এটা সৰবৰাহকাৰীয়ে৷ মানকাচাৰ হৈ বাংলাদেশলৈ চালান দিয়া হয় এই নিচাজাতীয় টেবলেট আৰু নিষিদ্ধ ড্ৰাগছ৷

ধৃত ফকিৰুল ইছলামৰ ভাষ্য মতে, ভাৰত-বাংলা সীমান্তৰ কাটাতাঁৰৰ ওপৰেৰে দলিয়াই এই ড্ৰাগছসমূহ বাংলাদেশলৈ চালান দিয়া হয়৷ সেই ড্ৰাগছৰ টকাও একে ধৰণে কাটাতাঁৰৰ ওপৰেৰেই বাংলাদেশৰ পৰা অসমৰ সৰ্বৰাহকাৰীয়ে পায়৷ ধৃত সৰ্বৰাহকাৰীৰ ভাষ্যতে প্ৰকাশ পালে সীমান্তৰ ফোঁপোলা স্বৰূপ৷ সীমান্ত সুৰক্ষা বাহিনীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ পিছতো ড্ৰাগছ ব্যৱসায়ীয়ে অনায়াসে কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ বাংলাদেশলৈ চালান দিয়ে আছে৷ উল্লেখ্য যে, যোৱা কেইটামান দিন আগতো মণিপুৰৰ পৰা বাংলাদেশলৈ নি থকা অৱস্থাত ২১ লক্ষাধিক টকা, ৪টা ব্যৱসায়ীসহ দুধনৈ আৰক্ষীয়ে জব্দ কৰিছিল কেইবা কোটি টকাৰ ড্ৰাগছ৷
Published by: Sanjay Kumar Das
First published: September 14, 2021, 12:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি