• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত ডেৰ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ, এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰঙিয়াত ডেৰ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ, এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বিগত যোৱা কেইদিনমানত কামৰূপ আৰক্ষীৰ জালত পৰিছে কেইবাজনো ড্ৰাগছ বিক্ৰেতাৰ লগতে সৰবৰাহকাৰী। লগতে উদ্ধাৰ হৈছে কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ।

  • Share this:
ৰঙিয়াৰ কেকেনিকুছিত ডেৰ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ’ইন জব্দ। বহিঃৰাজ্যৰ হেৰ’ইন সৰবৰাহকাৰী এজনক হাতে-লোটে গ্ৰেপ্তাৰ। বিশেষ সূত্ৰৰ পম খেদি ৰঙিয়াৰ সমীপৰ মৰাণজানা গাঁও পঞ্চায়তৰ অধীনৰ কেকেনিকুছিত ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙৰ নেতৃত্বত কামৰূপ আৰক্ষীয়ে নিষিদ্ধ হেৰ’ইনৰ বিৰুদ্ধে চলাইছিল অভিযান। এটা ভাড়া ঘৰত অভিযানকাৰী দলটোৱে অভিযান চলাই জব্দ কৰে ৭টাকৈ হেৰ’ইনভৰ্তি চাবোনৰ বাকচ।

মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত জব্দ প্ৰায় ১০০ গ্ৰাম নিষিদ্ধ হেৰ’ইন। লগতে গ্ৰেপ্তাৰ কৰা হয় বহিঃৰাজ্যৰ হেৰ’ইন সৰবৰাহকাৰী যুৱক এজনক। ধৃত সৰবৰাহকাৰীজন মণিপুৰৰ। ধৃত সৰবাৰহকাৰীজনে ৰঙিয়াৰ এই ভাড়াঘৰটোত থাকি দীৰ্ঘদিন ধৰি হেৰ’ইনৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে বিগত যোৱা কেইদিনমানত কামৰূপ আৰক্ষীৰ জালত পৰিছে কেইবাজনো ড্ৰাগছ বিক্ৰেতাৰ লগতে সৰবৰাহকাৰী। লগতে উদ্ধাৰ হৈছে কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ।
Published by:Sanjay Kumar Das
First published: