
জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য ১ কোটি ৯০ লাখ টকা হ’ব বুলি জনাইছে আৰক্ষীয়ে।
জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য ১ কোটি ৯০ লাখ টকা হ’ব বুলি জনাইছে আৰক্ষীয়ে।
ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালভাৱে হাইলাকান্দি জিলাতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। ৰাজ্যজুৰি চলা এই ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰে হাইলাকান্দি আৰক্ষীয়ে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আজি হাইলাকান্দিৰ উপ–আৰক্ষী অধীক্ষক (সীমান্ত) নিৰ্মল ঘোষৰ নেতৃত্বত আৰু কাটলিছেড়া আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত স্থানীয় এলেকজাণ্ডাৰপুৰ এলেকাত এক অভিযাচ চলাই জব্দ কৰে ৪১৩ গ্ৰাম সন্দেহজনক হেৰ’ইন।
জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য ১ কোটি ৯০ লাখ টকা হ’ব বুলি জনাইছে আৰক্ষীয়ে। লগতে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহ কৰা এজন ব্যৱসায়ীক। ধৃত সৰবৰাহকাৰীজনৰ নাম ডেনিয়েল চড়াই। কাছাৰ জিলাৰ পৰা ড্ৰাগছখিনি বিক্ৰী কৰাৰ বাবে লৈ আহিছিল লোকজনে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|