• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাঁৱৰ পৰা কেৰালালৈ ড্ৰাগছ সৰবৰাহৰ চেষ্টা, নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া

নগাঁৱৰ পৰা কেৰালালৈ ড্ৰাগছ সৰবৰাহৰ চেষ্টা, নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া

আৰক্ষীয়ে ৰৌচনৰ বাসগৃহৰ পৰা হেৰ'ইন ভৰ্তি ৯৬টা কণ্টেইনাৰৰ লগতে ৩টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচো জব্দ কৰিছে।

আৰক্ষীয়ে ৰৌচনৰ বাসগৃহৰ পৰা হেৰ'ইন ভৰ্তি ৯৬টা কণ্টেইনাৰৰ লগতে ৩টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচো জব্দ কৰিছে।

আৰক্ষীয়ে ৰৌচনৰ বাসগৃহৰ পৰা হেৰ'ইন ভৰ্তি ৯৬টা কণ্টেইনাৰৰ লগতে ৩টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচো জব্দ কৰিছে।

  • Share this:
নগাঁও আৰক্ষীয়ে বুধবাৰে দুপৰীয়া এক অভিযান চলাই চহৰখনৰ ডিমৰুগুৰিৰ ৰৌচন আলীৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা হেৰ'ইনখিনিৰ বজাৰ মূল্য কেইবালাখ টকা হ’ব। জানিব পৰা মতে, আৰক্ষীয়ে অসামৰিক পোছাকত ড্ৰাগছ কিনিবলৈ গৈ ড্ৰাগছ সৰবৰাহকাৰী ৰৌচন আলীক হাতে–লোটে আটক কৰে।

আৰক্ষীয়ে ৰৌচনৰ বাসগৃহৰ পৰা হেৰ'ইন ভৰ্তি ৯৬টা কণ্টেইনাৰৰ লগতে ৩টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচো জব্দ কৰিছে। ইয়াৰ পূৰ্বেও ৰৌচন আলীক ড্ৰাগছ বিক্ৰী কৰাৰ বাবে আৰক্ষীয়ে আটক কৰিছিল। ইপিনে কোনো অচিনাকি লোকৰ পৰা ৰৌচন আলীয়ে হেৰ'ইনখিনি বিক্ৰী কৰিবলৈ কিনিছিল বুলি মন্তব্য কৰে।

ইপিনে ৰৌশন আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁও আৰক্ষীয়ে কেৰালা অভিমুখী বাছত পুনৰ অভিযান চলাই প্ৰায় ৫০ হাজাৰ টকা মূল্যৰ হেৰ'ইনসহ তাফাজুল ইছলাম, ছৰিফুল ইছলাম আৰু বাহাৰুল ইছলাম নামৰ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি