মধ্য অসমত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়াৰ বৃহৎ নেটৱৰ্ক, ১৫ লক্ষাধিক টকাৰ হেৰ’ইন জব্দ

News18 Assam | News18-Assam
Updated:January 8, 2020, 10:34 AM IST
মধ্য অসমত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়াৰ বৃহৎ নেটৱৰ্ক, ১৫ লক্ষাধিক টকাৰ হেৰ’ইন জব্দ
নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে News18 অসমক জানিবলৈ দিয়া অনুসৰি, শীঘ্ৰেই নগাঁও আৰক্ষীৰ জেৰাত আৰু বহু তথ্য পোহৰলৈ আহিব।

নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে News18 অসমক জানিবলৈ দিয়া অনুসৰি, শীঘ্ৰেই নগাঁও আৰক্ষীৰ জেৰাত আৰু বহু তথ্য পোহৰলৈ আহিব।

  • Share this:
মধ্য অসমত ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক। নগাঁও আৰক্ষীৰ অভিযানত ফাদিল হৈছে এই তথ্য। আজি নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয় গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নগাঁও বাইপাছৰ পৰা জব্দ কৰে ১৫ লক্ষাধিক টকাৰ হেৰ'ইন। জব্দকৃত হেৰ'ইনখিনি ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ আনি আছিল ত্ৰিপুৰাৰ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া আব্দুল হানিফে।

মৰিগাঁৱৰ Most Wanted ড্ৰাগছ মাফিয়া আতাবুৰ ৰহমানৰ সহযোগত মধ্য অসমত ড্ৰাগছৰ ব্যৱসায় চলোৱা আব্দুল হানিফক গ্ৰেপ্তাৰৰ বাবে দুদিন ধৰি অভিযান চলাইছিল নগাঁও আৰক্ষীয়ে। নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে News18 অসমক জানিবলৈ দিয়া অনুসৰি, শীঘ্ৰেই নগাঁও আৰক্ষীৰ জেৰাত আৰু বহু তথ্য পোহৰলৈ আহিব।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি