মুখ্যপৃষ্ঠা »খবৰ »অসম »Drugs Seized: নগাঁৱৰ কচুৱাত ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাকাৰীক আটক

Drugs Seized: নগাঁৱৰ কচুৱাত ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাকাৰীক আটক

জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৭ লাখ টকা

জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৭ লাখ টকা

জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৭ লাখ টকা

  • Share this:
ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই অহাৰ সময়তে নগাঁৱৰ কচুৱাত দেওবাৰে গাঁওৰক্ষী বাহিনীৰ লোকে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

নগাঁও জিলাৰ (Nagaon District) কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত ফাকলিত গাঁওৰক্ষী বাহিনীয়ে দেওবাৰে ড্ৰাগছসহ যুৱক দুজনক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন মৈৰাবাৰীৰ ফুৰকণ আলী আৰু কচুৱাৰ ৰচিদুল ইছলাম বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে৷ ধৃত লোক দুজনৰ পৰা পাঁচ পেকেট ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে৷ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৭ লাখ টকা ৷

শেহতীয়া বাতৰি