ড্ৰাগছৰ বিৰুদ্ধে ক’ত জেহাদ ঘোষণা অসম আৰক্ষীৰ?

News18 Assam | News18-Assam
Updated:August 7, 2020, 11:50 PM IST
ড্ৰাগছৰ বিৰুদ্ধে ক’ত জেহাদ ঘোষণা অসম আৰক্ষীৰ?
যোৱা কেইবাদিন ধৰি জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে কেইবাজনো লোক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

যোৱা কেইবাদিন ধৰি জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে কেইবাজনো লোক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

  • Share this:
ধুবুৰী জিলাত আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান। যোৱা কেইবাদিন ধৰি জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে কেইবাজনো লোক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। শুকুৰবাৰেও  গোলকগঞ্জৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত ধুবুৰীৰ উপ–আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।

গোপন খবৰৰ ভিত্তিত ছাগলীয়া আৰক্ষীৰ সহযোগ ধুবুৰীৰ আৰক্ষীৰ দলটোৱে অভিযান চলাই প্ৰায় দুই হাজাৰ নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে ইয়াৰ লগত জড়িত আশ্ৰাফুল সৰকাৰ নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। ধৃত আশ্ৰাফুল সৰকাৰৰ ঘৰ আগমনিৰ তল্লী প্ৰথম খণ্ড গাঁৱত। আৰক্ষীয়ে অধিক তথ্যৰ বাবে লোকজনক সোধা–পোছা অব্যাহত ৰাখিছে। উল্লেখ্য যে যোৱানিশাও ধুবুৰী আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাইছিল অভিযান। অভিযানত ধুবুৰী আৰু গৌৰীপুৰ থানা এলাকাৰ পৰা বৃহত পৰিমাণৰ নিচাযুক্ত টেবলেট, চিৰাপ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছিল দুজন যুৱকক৷ আৰু বহু অবৈধ ড্ৰাগছ সৰবৰাহকাৰী জালত পৰা সম্ভাৱনা আছে ৷
Published by: Sanjay Kumar Das
First published: August 7, 2020, 11:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি