মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী যাত্ৰীবাহী বাছত উদ্ধাৰ ড্ৰাগছ, জালনোটসহ ধৃত ৩

গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী যাত্ৰীবাহী বাছত উদ্ধাৰ ড্ৰাগছ, জালনোটসহ ধৃত ৩

News18 Assam | News18-Assam
Updated:October 13, 2021, 2:17 PM IST
গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী যাত্ৰীবাহী বাছত উদ্ধাৰ ড্ৰাগছ, জালনোটসহ ধৃত ৩
ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছবিৰোধী অভিযান ৷

ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছবিৰোধী অভিযান ৷

  • Share this:

 ৰাজ্যত ড্ৰাগছবিৰোধী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছবিৰোধী অভিযান ৷ দুৰ্গা পূজাৰ আনন্দ–উৎসৱৰ মাজতে মঙলবাৰে নিশা বাক্সা আৰক্ষীয়ে অভিযান চলাই বৃহৎসংখ্যক নিচাজাতীয় কেপছুল উদ্ধাৰ কৰাৰ বিপৰীতে গ্ৰেপ্তাৰ কৰে তিনিজন ব্যক্তিক ৷


গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী এখন যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ কৰে নিচাজাতীয় কেপছুলখিনি ৷ জানিব পৰা মতে, মঙলবাৰে নিশা গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী এছ ১৫ চি ৮০৩৮ নম্বৰৰ যাত্ৰীবাহী বাছখনত গোৱালপাৰাৰ মবিদুল ইছলামে ৫২ পেকেট নিচাজাতীয়‌ কেপছুল লৈ আহিছিল।‌ এই বিষয়ে বৰমা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা জানিব পাৰি বৰমা থানাৰ সন্মুখত তালাচী চলাই  বাছখনৰ পৰা ৫২টা নিচা জাতীয় দ্ৰব্যৰ পেকেট আৰু নকল দুশ টকীয়া নোটৰ নগদ বিশ হাজাৰ টকাসহ মবিদুল ইছলামক গ্ৰেপ্তাৰ কৰে।


পিছত মবিদুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত অনুসন্ধান চলাই নিশাই বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক‌ উজ্জ্বল প্ৰতিম বৰুৱাৰ নেতৃত্বত বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীতুমণি গোস্বামীৰ সহযোগত গুৱাহাটীৰ পৰা আবু টাহেৰ পৰমাণিক আৰু ৰাছিদ আহমেদক গ্ৰেপ্তাৰ কৰি বৰমা থানালৈ লৈ আহে। উল্লেখ্য যে আবু টাহেৰ পৰমাণিকৰ ঘৰ দক্ষিণ শালমাৰা আৰু ৰাছিদ আহমেদৰ ঘৰ মণিপুৰত আৰু মবিদুল ইছলামৰ ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে।

Published by: Gautam Barman
First published: October 13, 2021, 2:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি