ধৃত বাবু ওৰফে শুভ্ৰজিৎ দেৱৰ বাসগৃহত সোণাৰি আৰক্ষীৰ জোৰদাৰ তালাচী অভিযান অব্যাহত আছে।
ধৃত বাবু ওৰফে শুভ্ৰজিৎ দেৱৰ বাসগৃহত সোণাৰি আৰক্ষীৰ জোৰদাৰ তালাচী অভিযান অব্যাহত আছে।
চৰাইদেউ (Charaideu) জিলাৰ সোণাৰি (Sonari)ত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আটক। সোণাৰি আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰীটোক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম শুভ্ৰজিৎ দেৱ (বাবু)। কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বাবু দেৱৰ ঘৰ সোণাৰি নগৰৰ তিনি নং ৱাৰ্ডত।
কিছুদিন পূৰ্বে শিমলুগুৰি ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে দুটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ পাছত আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক ধৰিবলৈ জাল পাতিছিল।
সম্প্ৰতি ধৃত বাবু ওৰফে শুভ্ৰজিৎ দেৱৰ বাসগৃহত সোণাৰি আৰক্ষীৰ জোৰদাৰ তালাচী অভিযান অব্যাহত আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|