• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰাইদেউ জিলাৰ নামতোলাত আৰক্ষীৰ অভিযানত ড্ৰাগছ মাফিয়াসহ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ

চৰাইদেউ জিলাৰ নামতোলাত আৰক্ষীৰ অভিযানত ড্ৰাগছ মাফিয়াসহ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ

অবৈধ বেহা-বেপাৰৰ ৰমৰমীয়া ঘাটিলৈ ইতিমধ্যে পৰ্যবসিত হৈছে অসম–নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী নামতোলা অঞ্চল।

অবৈধ বেহা-বেপাৰৰ ৰমৰমীয়া ঘাটিলৈ ইতিমধ্যে পৰ্যবসিত হৈছে অসম–নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী নামতোলা অঞ্চল।

অবৈধ বেহা-বেপাৰৰ ৰমৰমীয়া ঘাটিলৈ ইতিমধ্যে পৰ্যবসিত হৈছে অসম–নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী নামতোলা অঞ্চল।

  • Share this:
অসমৰ চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত আজি উদ্ধাৰ হ'ল বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছ। অসম-নাগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলত চলি থকা নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় আৰু প্ৰচলন ৰোধ কৰিবলৈ চৰাইদেউ জিলা আৰক্ষীয়ে যোৱা কিছুদিন ধৰি গ্ৰহণ কৰিছে বিশেষ অভিযান। উল্লেখযোগ্য যে অবৈধ বেহা-বেপাৰৰ ৰমৰমীয়া ঘাটিলৈ ইতিমধ্যে পৰ্যবসিত হৈছে অসম–নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী নামতোলা অঞ্চল। অঞ্চলটোত একাংশ ব্যৱসায়ীয়ে বিভিন্ন পক্ষক মেনেজ কৰি  নিষিদ্ধ ড্ৰাগছৰ সমান্তৰালভাৱে অবৈধ সুৰা, ভাং,কাণি, নিচাযুক্ত টেৱলেট আদি ব্যৱসায় অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছিল বিগত সময়ত।

সীমান্তৱৰ্তী অঞ্চলটোত এইদৰে অবৈধ ড্ৰাগছৰ লগতে নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বেহা অব্যাহত থকাৰ সময়তে গোপন সূত্ৰৰ পম খেদি আজি পুৱা নামতোলা আৰক্ষী থানাৰ অ’ চি অভিজিত ডেকাৰ নেতৃত্বত অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, নামতোলাৰ নাগালেণ্ড সীমান্তত হাতীকেম্প অঞ্চলৰ তৰুণ বৰগোহাঁইৰ পুত্ৰ ৰমেন বৰগোঁহাইৰ জিম্মাৰ পৰা অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু ড্ৰাগছ বিক্ৰী কৰাত ব্যৱহৃত বহুসংখ্যক পাত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে ড্ৰাগছ ব্যৱসায়ীজনৰ জিম্মাৰ পৰা অভিযান চলাই প্ৰায় ১.৮ গ্ৰাম ড্ৰাগছ আৰু ড্ৰাগছ বিক্ৰী কৰাত ব্যৱহৃত বহু সংখ্যক পাত্ৰ, চিৰিঞ্জ, ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা কাগজ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰি নামতোলা আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৪৪/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি