অৱশেষত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাবলৈ বাধ্য হ'ল নগাঁৱত। নগাঁও আৰক্ষীৰ চৰম নিষ্ক্ৰিয়তাৰ বাবে ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁৱৰ চামগুৰিৰ শিৱস্থানত শুকুৰবাৰে নিশা মৰিগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী শাখাই অভিযান চলাই দুজনক আটক কৰে। এই অভিযানৰ সময়ছোৱাত অসামৰিক পোছাকত থকা মৰিগাঁও আৰক্ষীক আক্ৰমণৰো চেষ্টা চলাই একাংশই। ফলশ্ৰুতিত শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় মৰিগাঁও আৰক্ষী।
জানিব পৰা মতে, বৃহস্পতিবাৰে মৰিগাঁও আৰক্ষীয়ে মৈৰাবাৰীত অভিযান চলাই আশ্বাদুল্লাহ নামৰ এটা ড্ৰাগছ মাফিয়াক আটক কৰিছিল। ইয়াৰ পিছতে মৰিগাঁও আৰক্ষীয়ে শুকুৰবাৰে নিশা তেলাহীত ১ কোটি টকাৰ হেৰ'ইন জব্দ কৰে। এই বৃহৎ পৰিমাণৰ ড্ৰাগছ নগাঁৱৰ পৰা সৰবৰাহ কৰা হোৱাৰ সন্দেহ কৰে মৰিগাঁও আৰক্ষীয়ে।
মৰিগাঁও আৰক্ষীয়ে ড্ৰাগছৰ ঘাটি বিচাৰি নগাঁৱৰ চামগুৰিৰ শিৱস্থানত অভিযান চলায় ইক্ৰামূল আৰু শুকুৰ আলী নামৰ দুটা অপৰাধীক গ্ৰেপ্তাৰ কৰি লৈ যায়। তাৎপৰ্যপূৰ্ণভাৱে প্ৰথম অৱস্থাত নগাঁও আৰক্ষীয়ে এই অভিযানৰ বিষয়ে কোনো খবৰ লাভ কৰা নাছিল। অৱশ্যে পৰৱৰ্তী সময়ত মৰিগাঁও আৰক্ষীয়ে ফোনযোগে নগাঁও আৰক্ষীক এই বিষয়ে অৱগত কৰে।
উল্লেখযোগ্য যে, অপৰাধ নিয়ন্ত্ৰনত চৰমভাৱে ব্যৰ্থ হোৱা নগাঁও আৰক্ষীক চৰম লজ্জানত কৰি মৰিগাঁও আৰক্ষীয়ে নগাঁৱত অভিযান চলোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নগাঁও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই বিগত সময়ছোৱাত নগাঁৱত অপৰাধজনিত ঘটনা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ লগতে নগাঁৱত ড্ৰাগছৰ সৰবৰাহ উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 29, 2022, 15:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|