অবৈধ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে গৰুবন্ধা। আৰক্ষীৰ জালত পৰিছে এটাৰ পিছত আনটো ড্ৰাগছ সৰবৰাহকাৰী। পুনৰ জখলাবন্ধা আৰক্ষীৰ জালত পৰিল এটা ড্ৰাগছ সৰবৰাহকাৰী।জখলাবন্ধাৰ গৰুবন্ধাৰ পৰা আটক লোকজনক। ধৃত সৰবৰাহকাৰীজন ইমাম হুছেইন।
ধৃত ইমাম হুছেইনৰ ঘৰ জখলাবন্ধাৰ গৰুবন্ধাত। লোকজনৰ পৰা জব্দ ১০টাকৈ সন্দেহযুক্ত হেৰ’ইন ভৰ্তি কণ্টেইনাৰ। ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই আৰক্ষীৰ জালত পৰে ইমাম হুছেইন।
গোপন খবৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী ইমামক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, বিগত সোমবাৰেও জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰিকু আনছাৰী নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক। জখলাবন্ধাৰ বাঘজানৰ NRL পেট্ৰ'ল পাম্পৰ সমীপতে ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই জালত পৰিছিল জখলাবন্ধা আৰক্ষীৰ। আৰক্ষীয়ে ধৃত ৰিকু আনছাৰীৰ পৰা জব্দ কৰিছিল চাৰিটা ব্ৰাউন ছুগাৰৰ কণ্টেইনাৰ। সম্প্ৰতি ৰঙাঘৰৰ আলহী ৰিকু আনছাৰী।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 02, 2022, 21:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।