জাগীৰোডত পতি-পত্নীৰ নিষিদ্ধ ড্ৰাগছৰ সাম্ৰাজ্য, উদ্ধাৰ মন্দিৰৰ মূৰ্তি, নগদ ধন

News18 Assam | News18-Assam
Updated:October 18, 2020, 12:41 PM IST
জাগীৰোডত পতি-পত্নীৰ নিষিদ্ধ ড্ৰাগছৰ সাম্ৰাজ্য, উদ্ধাৰ মন্দিৰৰ মূৰ্তি, নগদ ধন
কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আবুল কাচেমৰ ঘৰৰ পৰা মুঠ ৮৮টা হেৰ’ইনৰ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়৷

কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আবুল কাচেমৰ ঘৰৰ পৰা মুঠ ৮৮টা হেৰ’ইনৰ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়৷

  • Share this:
জাগীৰোডত আৰক্ষীৰ সফল অভিযান৷ এক গোপন সূত্ৰৰ পম খেদি শনিবাৰে নিশা জাগীৰোডৰ শিলভঙাত চলোৱা অভিযানত আটক হয় এজন ড্ৰাগছ ব্যৱসায়ী৷ মৰিগাঁৱৰ ASP আৰু DySPৰ নেতৃত্বত আৰু জাগীৰোড আৰক্ষীৰ সহযোগত চলোৱা অভিযানকালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আবুল কাচেমৰ ঘৰৰ পৰা মুঠ ৮৮টা হেৰ’ইনৰ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়৷

আনহাতে, বিভিন্ন মন্দিৰৰ মূৰ্তি আৰু সামগ্ৰী, নগাঁও কাগজ কলৰ তামৰ তাঁৰ, ইলেকট্ৰিক মটৰ, নগদ প্ৰায় এক লাখ দহ হাজাৰ টকাও জব্দ কৰে আৰক্ষীৰ দলটোৱে৷ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত আবুল কাচেম আৰু পত্নীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ জাগীৰোড আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ NDPS আইনৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
Published by: Sanjay Kumar Das
First published: October 18, 2020, 12:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading