• Home
  • »
  • News
  • »
  • assam
  • »
  • ডবকাত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ফিৰোজ আলীক গ্ৰেপ্তাৰ, প্ৰায় ১৪ লাখ টকাৰ হেৰ’ইন জব্দ

ডবকাত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ফিৰোজ আলীক গ্ৰেপ্তাৰ, প্ৰায় ১৪ লাখ টকাৰ হেৰ’ইন জব্দ

ফিৰোজৰ পকেটৰ পৰা ২৮.২৬ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

ফিৰোজৰ পকেটৰ পৰা ২৮.২৬ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

ফিৰোজৰ পকেটৰ পৰা ২৮.২৬ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

  • Share this:
হোজাই জিলাৰ ডবকাত হেৰ’ইনসহ কুখ্যাত ব্যৱসায়ী ফিৰোজ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোপন সূত্ৰৰ ভিত্তিত হোজাইৰ ডি এছ পি দিপ্তী মালী আৰু ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুপৰ্ণ গগৈৰ নেতৃত্বত ডবকাৰ কলেজ ৰোডত চলা অভিযান কালত আকাশীগংগা তপজজুৰিৰ লকমান আলীৰ পুত্ৰ ফিৰোজ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ফিৰোজৰ পকেটৰ পৰা ২৮.২৬ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আৰক্ষীয়ে সন্দেহ কৰা মতে, হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১৪ লাখ টকা।ড্ৰাগছখিনি ডিমাপুৰৰ পৰা সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। এটা বৃহৎ চক্ৰই প্ৰশাসনৰ চকুত ধুলি দি হোজাই জিলাৰ বিভিন্ন প্ৰান্তত ৰমৰমীয়া ড্ৰাগছৰ ব্যৱসায় চলাই যোৱাৰ অভিযোগ আছে।

কিছুদিন পূৰ্বেও ডি এছ পিগৰাকীৰ নেতৃত্বত ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন লোকক  গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল। ডিমাপুৰ আৰু অসমৰ মাজত এটা বৃহৎ চক্ৰই ড্ৰাগছৰ ক’লা ব্যাৱসায় কৰি বহু সম্ভ্ৰান্ত পৰিয়ালৰ যুৱক যুৱতীক মৃত্যুৰ বিপদৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published: