உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ধিঙত ‘ভেকুলী’ক ধৰিবলৈ আৰক্ষীৰ গুলীচালনা, পিছে ‘ভেকুলী’ পলাল, জালত পৰিল তিনি সহযোগী

    ধিঙত ‘ভেকুলী’ক ধৰিবলৈ আৰক্ষীৰ গুলীচালনা, পিছে ‘ভেকুলী’ পলাল, জালত পৰিল তিনি সহযোগী

    অৱশ্যে আৰক্ষীৰ চকুত ধূলি দি কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ভেকুলী।

    অৱশ্যে আৰক্ষীৰ চকুত ধূলি দি কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ভেকুলী।

    অৱশ্যে আৰক্ষীৰ চকুত ধূলি দি কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ভেকুলী।

    • Share this:
    নগাঁৱৰ ধিঙত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। নগাঁও জিলা উপ–আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা অভিযানকাৰী দলে ধিঙৰ ভেৰভেৰীত ড্ৰাগছবিৰোধী অভিযান চলাই কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আইনুল হক ওৰফে ভেকুলীৰ তিনি সহযোগী ক্ৰমে মোজাহিদুল হক, জেহিৰুল ইছলাম আৰু ৰিয়াজ উদ্দিন নামৰ তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

    ইপিনে অভিযানৰ সময়ত গ্ৰাহকৰ ছদ্মবেশত যোৱা আৰক্ষীৰ জোৱানক আইনুল হক ওৰফে ভেকুলী নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোৱে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলোৱাত আৰক্ষীয়ে বাধ্য হৈ শূন্যলৈ তিনিজাঁইকৈ গুলীচালনা কৰে। অৱশ্যে আৰক্ষীৰ চকুত ধূলি দি কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ভেকুলী।

    ভেকুলী ওৰফে আইনুলৰ ঘৰত তালাচী চলাই ৩৯ গ্ৰাম ড্ৰাগছ, AS 01 AA5283 নম্বৰৰ এখন ৱাগনাৰ বাহনৰ লগতে বহু সংখ্যক ভেকুলীও জব্দ কৰে আৰক্ষীৰ দলটোৱে। উল্লেখযোগ্য যে, আইনুল হক ওৰফে ভেকুলী কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহৰ অপৰাধত জে’লৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছ ব্যৱসায়ত লিপ্ত হয়। ভেকুলীৰ ঘৰৰ পৰা বহু সংখ্যক ভেকুলী উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত ড্ৰাগছৰ সমান্তৰালভাৱে বিভিন্ন জীৱ–জন্তুৰ চোৰাং বেহা চলাৰো সন্দেহ কৰা হৈছে।
    Published by:Sanjay Kumar Das
    First published: