চিৰাঙত তিনি ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ, ৫ কিলোগ্ৰামৰো অধিক আফিং জব্দ

News18 Assam | News18-Assam
Updated:June 13, 2021, 8:54 AM IST
চিৰাঙত তিনি ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ, ৫ কিলোগ্ৰামৰো অধিক আফিং জব্দ
আৰক্ষীয়ে নিষিদ্ধ আফিং সৰবৰাহকাৰী পঞ্জাবৰ মনদ্বীপ সিং আৰু নৰিন্দৰ পাল নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে৷

আৰক্ষীয়ে নিষিদ্ধ আফিং সৰবৰাহকাৰী পঞ্জাবৰ মনদ্বীপ সিং আৰু নৰিন্দৰ পাল নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে৷

  • Share this:
চিৰাঙত গ্ৰেপ্তাৰ তিনি ড্ৰাগছ ব্যৱসায়ী৷ গোপন সূত্ৰৰ পোম খেদি চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত অভিযান চলাই এখন ইন’ভা বাহনৰ পৰা প্ৰায় পাঁচ কিলোগ্ৰামৰ অধিক আফিং জব্দ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে নিষিদ্ধ আফিং সৰবৰাহকাৰী পঞ্জাবৰ মনদ্বীপ সিং আৰু নৰিন্দৰ পাল নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে৷ আনহাতে , দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বঙাইগাঁৱৰ গৰৈমাৰীৰ পৰা বিজয় আগৰৱালা নামৰ আন এজনক গ্ৰেপ্তাৰ কৰে ৷ তিনিওকে সম্প্ৰতি ধালিগাঁও থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷
Published by: Sanjay Kumar Das
First published: June 13, 2021, 8:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি