ব্ৰাউন ছুগাৰ সৰবৰাহ কৰা লোক দুজনে আৰক্ষীক প্ৰত্যক্ষ কৰি পলায়ন কৰিবলৈ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে লিয়াকত আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷
ব্ৰাউন ছুগাৰ সৰবৰাহ কৰা লোক দুজনে আৰক্ষীক প্ৰত্যক্ষ কৰি পলায়ন কৰিবলৈ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে লিয়াকত আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷
বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই দেওবাৰে 12.61 গ্ৰাম ব্ৰাউন ছুগাৰসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম লিয়াকত আলী বুলি জানিব পৰা গৈছে। লোকজনৰ ঘৰ ভৱানীপুৰৰ শুকমানাহত৷ এক গোপন সূত্ৰৰ ভিত্তিত সৰভোগৰ পৰা দুজন লোকে AS 28 A 0443 নম্বৰ এক্টিভা বাইকেৰে ব্ৰাউন ছুগাৰ কঢ়িয়াই বৰপেটাৰোড অভিমুখে আহি আছে বুলি বৰপেটাৰোড আৰক্ষীয়ে খবৰ লাভ কৰিছিল৷ সেইমৰ্মে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই ৩১নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সাতভনীৰটোপত তালাচী আৰম্ভ কৰে৷
সেই সময়ত ব্ৰাউন ছুগাৰ সৰবৰাহ কৰা লোক দুজনে আৰক্ষীক প্ৰত্যক্ষ কৰি পলায়ন কৰিবলৈ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে লিয়াকত আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ আনজন লোক পলায়ন কৰিবলৈ সক্ষম হয়৷ ধৃত লিয়াকত আলীৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন, নগদ ৩৪,৯০০ টকা আৰু তেওঁৰ বাইকখন জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত লিয়কত আলী পূৰ্বে ড্ৰাগছৰ ব্যৱসায়ৰ লগতো জড়িত আছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে৷ বৰপেটাৰোড আৰক্ষীয়ে ইয়াৰ তদন্ত অব্যাহত ৰাখিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|