মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যত অব্যাহত ড্ৰাগছৰ বেহা, বৰপেটাত ড্ৰাগছসহ জালত পৰিল এটা সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত ড্ৰাগছৰ বেহা, বৰপেটাত ড্ৰাগছসহ জালত পৰিল এটা সৰবৰাহকাৰী

বৰপেটাৰ জনিয়াৰ শালেকুৰা গাঁৱৰ আছান আলী নামৰ লোকজনক ড্ৰাগছসহ নিজ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

বৰপেটাৰ জনিয়াৰ শালেকুৰা গাঁৱৰ আছান আলী নামৰ লোকজনক ড্ৰাগছসহ নিজ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

বৰপেটাৰ জনিয়াৰ শালেকুৰা গাঁৱৰ আছান আলী নামৰ লোকজনক ড্ৰাগছসহ নিজ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

  • Share this:
ৰাজ্য চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীৰ বৃহৎ অভিযানৰ পিছতো বন্ধ হোৱা নাই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়৷ বৰপেটাত অব্যাহত থকা ড্ৰাগছ ব্যৱসায়ৰ মাজতেই বৰপেটা আৰক্ষীৰ জালত পৰিল এটা ড্ৰাগছ ব্যৱসায়ী৷

বৰপেটাৰ জনিয়াৰ শালেকুৰা গাঁৱৰ আছান আলী নামৰ লোকজনক ড্ৰাগছসহ নিজ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ প্ৰদীপ শইকীয়াৰ নেতৃত্বত অভিযান চলাই বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ীটোক৷ ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা চাবোনৰ কেচত লুকুৱাই ৰখা অৱস্থাত প্ৰায় ২৮.৯৪ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে৷

শেহতীয়া বাতৰি