ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছবিৰোধী অভিযান৷ ড্ৰাগছবিৰোধী অভিযান চলাই বাক্সাৰ শিমলা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে কৰায়ত্ত কৰে দুজন ড্ৰাগছ ব্যৱসায়ীক৷
এক গোপন সূত্ৰৰ পম খেদি বাক্সা জিলাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত আঙুলীয়াৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰে দুই ব্যবসায়ীক৷ ব্যৱসায়ী দুজনৰ পৰা ১৪টা ব্ৰাউন ছুগাৰভৰ্তি কণ্টেইনাৰসহ মুঠ ২৪টা কণ্টেইনাৰ আৰু প্ৰায় ৫০ হাজাৰ টকাৰ সামগ্রী উদ্ধাৰ কৰে৷
কৰায়ত্ত কৰা ড্ৰাগছ ব্যবসায়ী দুটা ক্ৰমে আঙুলীয়াৰ সঞ্জু ব্ৰহ্ম(৪১) আৰু কামাৰদৈছাৰ সগুমচাৰ ব্ৰহ্ম (২২)। ধৃত ব্যৱসায়ী দুটাৰ পৰা এটা মোবাইল ফোন, কেইবাটাও চিৰিঞ্জ আৰু AS-15 H 7799 নম্বৰৰ বাইক এখনো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|