• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত পিষ্টলসহ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ৰঙিয়াত পিষ্টলসহ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

অধিক তথ্যৰ বাবে আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে সৰবৰাহকাৰীটোক।

অধিক তথ্যৰ বাবে আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে সৰবৰাহকাৰীটোক।

অধিক তথ্যৰ বাবে আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে সৰবৰাহকাৰীটোক।

  • Share this:
    বিজয়া দশমীৰ দিনাই ৰঙিয়াত উদ্ধাৰ হ'ল পিষ্টলসহ ড্ৰাগছ। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে হাতে–লোটে গ্ৰেপ্তাৰ কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক। ৰঙিয়াৰ স্বস্তি হাস্পতালৰ সন্মুখত আৰক্ষীয়ে কৰায়ত্ত কৰে বাক্সা জিলাৰ কাউৰবাহাৰ জিয়াউল হকক। এখন বাইকৰ টুল বক্সত লুকুৱাই আনিছিল সামগ্ৰীখিনি। আৰক্ষীয়ে পিষ্টল, ড্ৰাগছ, মোবাইল ফোন সহ AS 01 Q1 328 নম্বৰৰ বাইকখনো জব্দ কৰে।

    আৰক্ষীয়ে জিয়াউল হকৰ পৰা এটা 7.65 MM পিষ্টল, ড্ৰাগছভৰ্তি ৬টা কণ্টেইনাৰ আৰু দুটা খালী কণ্টেইনাৰ সহ ৮.৬৬ গ্ৰাম ড্ৰাগছ, ৮জাই সজীৱ গুলী আৰু দুটা মোবাইল ফোন জব্দ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে সৰবৰাহকাৰীটোক।
    Published by:Sanjay Kumar Das
    First published: