পলাশবাৰী আৰক্ষীৰ আন এক সফলতা। আজি পুৱতিনিশা এক বিশেষ সূত্ৰৰ পম খেদি মহানগৰীৰ কাহিলিপাৰাৰ পৰা মণিপুৰৰ এগৰাকী মহিলাৰ লগতে দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে।
আটকাধীন লোক কেইজনৰ পৰা ১২ গ্ৰাম ড্ৰাগছ আৰক্ষীয়ে উদ্ধাৰ কৰে। আটক হোৱা এজন যুৱক আৰক্ষীৰ জালৰ পৰা পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে ভৰিত গুলিয়াবলৈ বাধ্য হয়। গুলীবিদ্ধ হৈ আহত হোৱা লোকজন বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে।
যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ সহযোগত কামৰূপ আৰক্ষী আৰু পলাশবাৰী আৰক্ষীয়ে চলাইছিল এই অভিযান। আটকাধীন লোক দুজন ক্ৰমে ষ্টেফিন চেমিনিয়েল হাউকি আৰু লাল ফোলাল মাটে। ইয়াৰে লাল ফলাল মাটে বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|