হাজো আৰক্ষীৰ জালত ‘বেঙা’, দীৰ্ঘদিন ধৰি এই ‘বেঙা’ই উত্তৰ কামৰূপত চলাই আহিছিল নিষিদ্ধ বেহা

News18 Assam | News18-Assam
Updated:July 18, 2021, 4:57 PM IST
হাজো আৰক্ষীৰ জালত ‘বেঙা’, দীৰ্ঘদিন ধৰি এই ‘বেঙা’ই উত্তৰ কামৰূপত চলাই আহিছিল নিষিদ্ধ বেহা
এই অভিযানত আৰক্ষীয়ে লগতে জব্দ কৰিবলৈ সক্ষম হৈছে পাঁচটাকৈ হেৰ'ইনভৰ্তি কণ্টেইনাৰ।

এই অভিযানত আৰক্ষীয়ে লগতে জব্দ কৰিবলৈ সক্ষম হৈছে পাঁচটাকৈ হেৰ'ইনভৰ্তি কণ্টেইনাৰ।

  • Share this:
হাজোত জালত পৰিছে এটাৰ পিছত আনটো কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। এইবাৰ হাজো আৰক্ষীৰ জালত পৰিছে কামৰূপ আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া জিয়াউৰ ৰহমান ওৰফে বেঙা। হাজোৰ শনিয়াদীৰ নিজৰ ঘৰৰ পৰাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এই ড্ৰাগছ মাফিয়াটোক।

এই অভিযানত আৰক্ষীয়ে লগতে জব্দ কৰিবলৈ সক্ষম হৈছে পাঁচটাকৈ হেৰ'ইনভৰ্তি কণ্টেইনাৰ। দীৰ্ঘদিন ধৰি এই জিয়াউৰ ৰহমানে আৰক্ষীৰ চকুত ধুলি দি হাজোৰ লগতে সমগ্ৰ উত্তৰ কামৰূপত চলাই আহিছিল এই মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা।

বেঙা জালত পৰাৰ পিছত এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে কামৰূপ আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে ড্ৰাগছ মাফিয়া জিয়াউৰ ৰহমান ওৰফে বেঙাক।
Published by: Sanjay Kumar Das
First published: July 18, 2021, 4:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি