
ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে অতি কৌশলেৰে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ।
ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে অতি কৌশলেৰে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ।
হাইলাকান্দিৰ পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী পৰিল আৰক্ষীৰ জালত। থানাৰ সম্মুখতে ড্ৰাগছ বেচিবলৈ আহি হাতে–লোটে নিষিদ্ধ হে’ৰইনসহ আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ সৰবৰাহকাৰী। বৃহস্পতিবাৰে নিশা প্ৰায় ৬ গ্ৰাম হে’ৰইনসহ গ্ৰেপ্তাৰ হৈছে আব্দুল্লা ৰহমান বড়ভূঞা নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী।
ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে অতি কৌশলেৰে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। বৃহস্পতিবাৰে নিশা হাইলাকান্দি নগৰত নিষিদ্ধ ড্ৰাগছ বেচিবলৈ আহি হাতে–লোটে ধৰা পৰিল এটা ড্ৰাগছ সৰবৰাহকাৰী। আব্দুল্লা ৰহমান বড়ভূঞা নামৰ এই ড্ৰাগছ সৰবৰাহকাৰীটোৰ ওপৰত দীৰ্ঘদিনৰ পৰা চকু ৰাখিছিলে হাইলাকান্দি আৰক্ষীয়ে। আৰু যোৱানিশা হাইলাকান্দি সদৰ থানাৰ ঠিক সন্মুখতে থকা বজাৰত ড্ৰাগছ বেচিবলৈ আহতে আৰক্ষীয়ে কৰায়ত্ত কৰে সৰবৰাহকাৰীটোক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে মুঠ ৫.৩৪ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় বুলি জনাইছে হাইলাকান্দি সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আম্পে দাওলাগপুয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|