আনহাতে, বিগত কেইবা বছৰ ধৰি সোণাৰিৰ অসম নগালেণ্ডৰ সীমান্তৰ নামতোলা অঞ্চল অবৈধ ব্যৱসায় তথা অপৰাধজনিত কাৰ্যৰ এক ঘাটি তথা কৰিড’ৰ হিচাপে পৰিগণিত হৈ আহিছে। আৰক্ষীয়েও বিভিন্ন সময়ত ব্যাপক অভিযান চলাই অবৈধ ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰি আহিছে যদিও এই ঠাইত এনে অবৈধ ব্যৱসায় তথা অপৰাধৰ পৰা মুক্ত হোৱা নাই।