পুনৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান বাক্সা আৰক্ষীৰ৷ বাক্সাৰ শিমলাগুৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া আকাশ ৰয়ৰ নেতৃত্বত চলে এই অভিযান৷ আৰক্ষীয়ে খেদি খেদি আটক কৰিলে এজন ড্ৰাগছ মাফিয়াক৷
বৰপেটাৰ ঘিলাজানি গাঁৱৰ আব্দুল জলিলৰ পুত্ৰ আব্দুল কাছেম নামৰ ড্ৰাগছ মাফিয়াজনক কৰায়ত্ত কৰে আৰক্ষীয়ে৷ সংবাদ মাধ্যমৰ আগত ড্ৰাগছ মাফিয়া আব্দুল কাছেমে কয় যে তেওঁ হোনো ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত নহয় ৷ কোনোৱে চক্ৰান্ত কৰি ফচাই দিলে তেওঁক৷
জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আব্দুল কাচেমক৷ কাচেমৰ পৰা ৫২ গ্ৰাম হেৰোইন, ৬টা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ, ৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, নগদ চাৰি হাজাৰ টকাৰ লগতে এখন পালচাৰ বাইক জব্দ কৰে৷ সম্প্ৰতি ধৃত লোকজনক অধিক তথ্যৰ বাবে গোৱৰ্ধনা থানাত জেৰা কৰি থকা হৈছে।
Assam News Today |
News in Assamese |
Latest News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|